Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
39 : 3

فَنَادَتْهُ الْمَلٰٓىِٕكَةُ وَهُوَ قَآىِٕمٌ یُّصَلِّیْ فِی الْمِحْرَابِ ۙ— اَنَّ اللّٰهَ یُبَشِّرُكَ بِیَحْیٰی مُصَدِّقًا بِكَلِمَةٍ مِّنَ اللّٰهِ وَسَیِّدًا وَّحَصُوْرًا وَّنَبِیًّا مِّنَ الصّٰلِحِیْنَ ۟

ফিৰিস্তাসকলে তেওঁক মাতি ক'লে যেতিয়া তেওঁ ইবাদতৰ ঠাইত ছালাত আদায় কৰি আছিলঃ আল্লাহে আপোনাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছে। যাৰ নাম হ'ব ইয়াহয়া। তেওঁৰ বিশেষত্ব হ'ব এইটো যে, তেওঁ আল্লাহৰ কলিমা অৰ্থাৎ মাৰইয়ামৰ পুত্ৰ ঈছাক সমৰ্থন কৰিব। ঈছাক আল্লাহৰ কলিমা এই বাবেই কোৱা হৈছে যে, তেওঁ আল্লাহৰ এটা বিশেষ শব্দৰ জৰিয়তে সৃষ্টি হৈছে। আৰু সেই সন্তানটো জ্ঞান তথা ইবাদতৰ ক্ষেত্ৰত নিজ সম্প্ৰদায়ৰ নেতৃত্ব দিব। নিজকে কুপ্ৰবৃত্তিৰ পৰা বিৰত ৰাখিব, ইয়াৰ মাজত নাৰীৰ নৈকট্যও অন্তৰ্ভুক্ত। তেওঁ নিজকে আল্লাহৰ ইবাদতৰ বাবে সমৰ্পিত কৰিব লগতে তেওঁ হ'ব এজন সত্যবাদী নবী।
info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• عناية الله تعالى بأوليائه، فإنه سبحانه يجنبهم السوء، ويستجيب دعاءهم.
আল্লাহে তেওঁৰ প্ৰিয় বান্দাসকলৰ প্ৰতি মনোযোগ প্ৰদান কৰে, ফলত আল্লাহে তেওঁলোকক অসত্কৰ্মৰ পৰা ৰক্ষা কৰে আৰু তেওঁলোকৰ দুআ কবুল কৰে। info

• فَضْل مريم عليها السلام حيث اختارها الله على نساء العالمين، وطهَّرها من النقائص، وجعلها مباركة.
মাৰইয়াম আলাইহিছ ছালামৰ শ্ৰেষ্ঠতা। কিয়নো আল্লাহে তেওঁক পৃথিৱীৰ নাৰীসকলৰ পৰা মনোনীত কৰিছিল। ত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছিল আৰু তেওঁক বৰকতময় বনাইছিল। info

• كلما عظمت نعمة الله على العبد عَظُم ما يجب عليه من شكره عليها بالقنوت والركوع والسجود وسائر العبادات.
বান্দাৰ ওপৰত আল্লাহৰ নিয়ামত যিমান ডাঙৰ হয়, সেই অনুপাতে ছালাতত দীৰ্ঘ ক্বিয়াম, ৰুকু, ছাজাদাহ আৰু সকলো ধৰণৰ ইবাদতৰ জৰীয়তে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা সিমানেই জৰুৰী হৈ পৰে। info

• مشروعية القُرْعة عند الاختلاف فيما لا بَيِّنة عليه ولا قرينة تشير إليه.
যদি এনেকুৱা কোনো বিষয়ত মতানৈক্য হয় যাৰ কোনো প্ৰমাণ নাই অথবা এই দিশত ইঙ্গিত কৰিবলৈ কোনো সংকেত নাই তেনে অৱস্থাত লটাৰী কৰি মীমাংসা কৰিব পাৰি। info