Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
48 : 30

اَللّٰهُ الَّذِیْ یُرْسِلُ الرِّیٰحَ فَتُثِیْرُ سَحَابًا فَیَبْسُطُهٗ فِی السَّمَآءِ كَیْفَ یَشَآءُ وَیَجْعَلُهٗ كِسَفًا فَتَرَی الْوَدْقَ یَخْرُجُ مِنْ خِلٰلِهٖ ۚ— فَاِذَاۤ اَصَابَ بِهٖ مَنْ یَّشَآءُ مِنْ عِبَادِهٖۤ اِذَا هُمْ یَسْتَبْشِرُوْنَ ۟

পৱিত্ৰ আল্লাহেই বতাহক সঞ্চালন কৰে, আৰু ইফালে সিফালে প্ৰেৰণ কৰে। সেই বতাহৰ দ্বাৰাই তেওঁ মেঘক আকাশত নিজ ইচ্ছা মতে প্ৰসাৰিত কৰে আৰু সেইবোৰক বিভিন্ন টুকুৰাত বিভক্ত কৰে, কম হওক অথবা বেছি। এতেকে হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তুমি সেই মেঘৰ ভিতৰৰ পৰা বৰষুণ অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা। এতেকে আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলক ইচ্ছা কৰে বৰষুণ প্ৰদান কৰে। বৰষুণৰ ৰূপত তেওঁলোকে আল্লাহৰ ৰহমত লাভ কৰি আনন্দিত হয়। কাৰণ বৰষুণৰ পিছত স্বয়ং সিহঁতৰ বাবে আৰু জীৱ-জন্তুৰ বাবে ভূমিৰ পৰা অত্যাৱশ্যকীয় খাদ্যদ্ৰৱ্য উৎপাদন হয়।
info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• إرسال الرياح، وإنزال المطر، وجريان السفن في البحر: نِعَم تستدعي أن نشكر الله عليها.
বতাহ প্ৰেৰণ কৰা, বৰষুণ অৱতীৰ্ণ কৰা আৰু সাগৰত নৌ-যান চলাচলৰ সুবিধা প্ৰদান কৰা আদি এনেকুৱা নিয়ামত, যিবোৰে আমাৰ পৰা দাবী কৰে যে আমি যেন আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। info

• إهلاك المجرمين ونصر المؤمنين سُنَّة إلهية.
অপৰাধীসকলক ধ্বংস কৰা আৰু মুমিনসকলক সহায় কৰাটো আল্লাহৰ নীতি। info

• إنبات الأرض بعد جفافها دليل على البعث.
মৃত ভূমিক জীৱিত কৰি তাত উদ্ভিদ উৎপন্ন কৰাটো হৈছে, আখিৰাতৰ বাবে পুনৰ্জীৱিত কৰাৰ অন্যতম প্ৰমাণ। info