Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
29 : 32

قُلْ یَوْمَ الْفَتْحِ لَا یَنْفَعُ الَّذِیْنَ كَفَرُوْۤا اِیْمَانُهُمْ وَلَا هُمْ یُنْظَرُوْنَ ۟

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, এই প্ৰতিশ্ৰুতি কিয়ামতৰ দিনা পূৰণ হ’ব। বান্দাসকলৰ মাজত সেইদিনাই মীমাংসা কৰা হ’ব। নিজ চকুৰে কিয়ামত প্ৰত্যক্ষ কৰাৰ পিছত পৃথিৱীত আল্লাহক অস্বীকাৰ কৰা লোকসকলে সেইদিনা বিশ্বাস কৰিলেও কোনো কামত নাহিব। সেইদিনা সিহঁতক অৱকাশো দিয়া নহ’ব যে, যাতে নিজ প্ৰতিপালকৰ ওচৰত তাওবা কৰিব পাৰে নাইবা তেওঁৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• عذاب الكافر في الدنيا وسيلة لتوبته.
পৃথিৱীত কাফিৰসকলক শাস্তি দিয়াৰ উদ্দেশ্য হৈছে সিহঁতে যাতে তাওবা কৰে। info

• ثبوت اللقاء بين نبينا صلى الله عليه وسلم وموسى عليه السلام ليلة الإسراء والمعراج.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছা আলাইহিচ্ছালামৰ লগত ইছৰা আৰু মিৰাজৰ ৰাতি সাক্ষাৎ হোৱাৰ প্ৰমাণ পোৱা গ’ল। info

• الصبر واليقين صفتا أهل الإمامة في الدين.
ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাস হৈছে ধৰ্মৰ প্ৰতিনিধিসকলৰ দুটা অন্যতম বৈশিষ্ট্য। info