Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
23 : 38

اِنَّ هٰذَاۤ اَخِیْ ۫— لَهٗ تِسْعٌ وَّتِسْعُوْنَ نَعْجَةً وَّلِیَ نَعْجَةٌ وَّاحِدَةٌ ۫— فَقَالَ اَكْفِلْنِیْهَا وَعَزَّنِیْ فِی الْخِطَابِ ۟

সিহঁতৰ মাজৰ এজনে দাঊদ আলাইহিচ্ছালামক ক’লেঃ শুনক! এওঁ হৈছে মোৰ ভাই, এওঁৰ ওচৰত আছে নিৰানব্বৈজনী দুম্বা। আনহাতে মোৰ আছে মাত্ৰ এজনী দুম্বা। তথাপিও সি মোৰ সেই এজনী দুম্বাকে বিচাৰি আছে। লগতে যুক্তি তৰ্কতো সি মোক পৰাজিত কৰিছে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان فضائل نبي الله داود وما اختصه الله به من الآيات.
আল্লাহৰ নবী দাঊদ আলাইহিচ্ছালামৰ ফজিলত আৰু তেওঁ লাভ কৰা বিভিন্ন নিদৰ্শনৰ বৰ্ণনা। info

• الأنبياء - صلوات الله وسلامه عليهم - معصومون من الخطأ فيما يبلغون عن الله تعالى؛ لأن مقصود الرسالة لا يحصل إلا بذلك، ولكن قد يجري منهم بعض مقتضيات الطبيعة بنسيان أو غفلة عن حكم، ولكن الله يتداركهم ويبادرهم بلطفه.
আল্লাহে নবীসকলক যি পৌঁচাই দিবলৈ নিৰ্দেশ দিছে, সেইক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণৰূপে ত্ৰুটিমুক্ত। কিয়নো ইয়াৰ অবিহনে ৰিছালতৰ উদ্দেশ্য পূৰণ নহ’ব। যদিও মানৱ হিচাপে কেতিয়াবা কেতিয়াবা ভুলবশতঃ অথবা বিধানৰ পৰা অমনোযোগিতাৰ কাৰণে কিছুমান ভুল হোৱাটো স্বাভাৱিক। কিন্তু আল্লাহে নিজ অনুগ্ৰহৰে লগে লগে সেই বিষয়ে তেওঁক সাৱধান কৰি দিয়ে। info

• استدل بعض العلماء بقوله تعالى: ﴿ وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَى بَعْضٍ ﴾ على مشروعية الشركة بين اثنين وأكثر.
কিছুমান উলামাই ﴿وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ﴾ এই আয়াতৰ দ্বাৰা প্ৰমাণ লৈছে যে, দুজন অথবা দুজনতকৈ অধিক ব্যক্তিৰ মাজত অংশীদাৰিত্ব কৰাটো চৰিয়ত সন্মত। info

• ينبغي التزام الأدب في الدخول على أهل الفضل والمكانة.
উচ্চ-পদস্থ বিষয়াৰ লগত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত শিষ্টাচাৰ অৱলম্বন কৰা অনিবাৰ্য। info