Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
114 : 4

لَا خَیْرَ فِیْ كَثِیْرٍ مِّنْ نَّجْوٰىهُمْ اِلَّا مَنْ اَمَرَ بِصَدَقَةٍ اَوْ مَعْرُوْفٍ اَوْ اِصْلَاحٍ بَیْنَ النَّاسِ ؕ— وَمَنْ یَّفْعَلْ ذٰلِكَ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ فَسَوْفَ نُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟

এনেকুৱা বহুতো অযথা কথাত কোনো কল্যাণ নাই, যিবোৰ মানুহে গোপনে কৰে। আনহাতে যদি সিহঁতৰ সেই কথাত কোনো দানৰ আদেশ থাকে, অথবা কোনো ভাল কামৰ প্ৰতি প্ৰেৰণা থাকে যিটো চৰীয়ত তথা বিবেকৰ দৃষ্টিত ভাল বুলি বিবেচিত হয় নাইবা দুজন ব্যক্তিৰ মাজত শান্তি স্থাপনৰ যদি কোনো আহ্বান থাকে তেন্তে সেয়া সুকীয়া কথা। যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে এনেকুৱা কৰিব, আমি অনতিপলমে তাক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিম। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• أكثر تناجي الناس لا خير فيه، بل ربما كان فيه وزر، وقليل من كلامهم فيما بينهم يتضمن خيرًا ومعروفًا.
মানুহৰ অধিকাংশ গোপন কথাপোকথনত কোনো কল্যাণ নাথাকে। বৰং কেতিয়াবা কেতিয়াবা তাত গোনাহে হয়। বহুত কম এনেকুৱা হয় য’ত পাৰস্পাৰিক গোপন কথাপোকথনত কল্যাণ তথা ভাল কামৰ আলোচনা হয়। info

• معاندة الرسول صلى الله عليه وسلم ومخالفة سبيل المؤمنين نهايتها البعد عن الله ودخول النار.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত শত্ৰুতা আৰু মুমিনসকলৰ পথৰ বিৰোধিতা কৰাৰ পৰিণাম হৈছে আল্লাহৰ পৰা দূৰত্ব আৰু জাহান্নামত প্ৰৱেশ। info

• كل الذنوب تحت مشيئة الله، فقد يُغفر لصاحبها، إلا الشرك، فلا يغفره الله أبدًا، إذا لم يتب صاحبه ومات عليه.
প্ৰত্যেক গুনাহ আল্লাহৰ ইচ্ছাধীন থাকে, তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে। কিন্তু যদি শ্বিৰ্ক কৰা ব্যক্তিয়ে তাওবা নকৰাকৈ সেই অৱস্থাতে মৃত্যুবৰণ কৰে তেন্তে তেওঁ কেতিয়াও সেই শ্বিৰ্ক গুনাহ ক্ষমা নকৰে। info

• غاية الشيطان صرف الناس عن عبادة الله تعالى، ومن أعظم وسائله تزيين الباطل بالأماني الغرارة والوعود الكاذبة.
চয়তানৰ আচল উদ্দেশ্য হৈছে মানুহক আল্লাহৰ ইবাদতৰ পৰা দূৰ কৰা। আৰু তাৰ ডাঙৰ উপায়টো হৈছে অসত্যক প্ৰতাৰণামূলক আশাৰে আৰু মিছা প্ৰতিশ্ৰুতিৰে সুসজ্জিত কৰি দাঙি ধৰা। info