Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
147 : 4

مَا یَفْعَلُ اللّٰهُ بِعَذَابِكُمْ اِنْ شَكَرْتُمْ وَاٰمَنْتُمْ ؕ— وَكَانَ اللّٰهُ شَاكِرًا عَلِیْمًا ۟

যদি তোমালোকে আল্লাহৰ কৃতজ্ঞ হোৱা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তোমালোকক শাস্তি দিয়াৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় আল্লাহ উপকাৰকাৰী আৰু অতি দয়ালু। তেওঁ তোমালোকক কেৱল গুনাহৰ কাৰণেহে শাস্তি প্ৰদান কৰিব। যদি তোমালোকে আমল সংশোধন কৰা আৰু তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰা লগতে প্ৰকাশ্য অপ্ৰকাশ্য উভয়ভাৱে ঈমান পোষণ কৰা তেন্তে তেওঁ কেতিয়াও তোমালোকক শাস্তি নিদিব। নিশ্চয় আল্লাহে সেইসকল লোকক মৰ্যদা প্ৰদান কৰিব যিসকলে তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰে আৰু তেওঁলোকক ইয়াৰ প্ৰতিদানো দিব। তেওঁ নিজ বান্দাসকলৰ ঈমান সম্পৰ্কে অৱগত আৰু প্ৰত্যেককে তেওঁ সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان صفات المنافقين، ومنها: حرصهم على حظ أنفسهم سواء كان مع المؤمنين أو مع الكافرين.
মুনাফিকসকলৰ বৈশিষ্ট্যৰ বৰ্ণনা। সিহঁতৰ অন্যতম এটা বৈশিষ্ট্য এই যে, কেৱল নিজৰ উদ্দেশ্য পুৰণ কৰাৰ প্ৰয়াস কৰা, সেয়া মুমিনসকলৰ লগত থাকিয়ে হওঁক নাইবা কাফিৰসকলৰ লগত থাকি। info

• أعظم صفات المنافقين تَذَبْذُبُهم وحيرتهم واضطرابهم، فلا هم مع المؤمنين حقًّا ولا مع الكافرين.
মুনাফিকসকলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে দোদুল্যমান অৱস্থাত থকা, অশান্তি তথা ক্লান্তিত থকা। সিহঁত পৰিপূৰ্ণৰূপে মুমিনসকলৰ লগতো নাথাকে আৰু কাফিৰসকলৰ লগতো নহয়। info

• النهي الشديد عن اتخاذ الكافرين أولياء من دون المؤمنين.
মুমিনসকলক এৰি কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰিবলৈ কঠোৰ ভাৱে নিষেধ কৰা হৈছে। info

• أعظم ما يتقي به المرء عذاب الله تعالى في الآخرة هو الإيمان والعمل الصالح.
মুমিনসকলে আখিৰাতত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে ঈমান আৰু আৰু সৎকৰ্ম। info