Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
15 : 41

فَاَمَّا عَادٌ فَاسْتَكْبَرُوْا فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَقَالُوْا مَنْ اَشَدُّ مِنَّا قُوَّةً ؕ— اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَهُمْ هُوَ اَشَدُّ مِنْهُمْ قُوَّةً ؕ— وَكَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟

আনহাতে হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ জাতিয়ে আল্লাহৰ লগত কুফৰী কৰাৰ লগতে পৃথিৱীত অন্যায়ভাৱে অহংকাৰ কৰি ফুৰিছিল। তথা ওচৰে-পাঁজৰে থকা লোকৰ সৈতে অত্যাচাৰ কৰিছিল। সিহঁতৰ ক্ষমতাই সিহঁতৰ মূৰত ধৰিছিল, সেয়ে সিহঁতে কৈছিলঃ আমাতকৈ শক্তিশালী আৰুনো কোন আছে? দৰাচলতে সিহঁতৰ মতে সিহঁততকৈ অধিক শক্তিশালী আৰু কোনো নাই। তেতিয়া আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি ক’লেঃ সিহঁতে নাজানে নেকি তথা দেখা নাপায় নেকি যে, যিজন আল্লাহে সিহঁতক সৃষ্টি কৰিছে তথা সিহঁতক এনেকুৱা শক্তি প্ৰদান কৰিছে, যি শক্তি পাই সিহঁতে নিজৰ অস্তিত্বক পাহৰি গৈছে, তেৱেঁই সৰ্বশক্তিমান? দৰাচলতে সিহঁতে আল্লাহৰ সেই নিদৰ্শনবোৰক গ্ৰহণে কৰা নাছিল, যিবোৰ সিহঁতৰ ওচৰলৈ হূদ আলাইহিচ্ছালামে লৈ আহিছিল। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الإعراض عن الحق سبب المهالك في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে সত্যৰ পৰা বিমুখ হোৱা। info

• التكبر والاغترار بالقوة مانعان من الإذعان للحق.
অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰে মানুহক সত্য স্বীকাৰ কৰাত বাধা প্ৰদান কৰে। info

• الكفار يُجْمَع لهم بين عذاب الدنيا وعذاب الآخرة.
কাফিৰসকলে পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে শাস্তিৰ সন্মুখীন হ’ব। info

• شهادة الجوارح يوم القيامة على أصحابها.
মানৱ শৰীৰৰ অংগ-প্ৰত্যংগই কিয়ামতৰ দিনা সিহঁতৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰিব। info