Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
30 : 41

اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا تَتَنَزَّلُ عَلَیْهِمُ الْمَلٰٓىِٕكَةُ اَلَّا تَخَافُوْا وَلَا تَحْزَنُوْا وَاَبْشِرُوْا بِالْجَنَّةِ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟

নিশ্চয় যিসকলে কৈছে, আল্লাহেই আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, লগতে তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত অবিচল থাকে, তেনেকুৱা লোকৰ মৃত্যুৰ সময়ত ফিৰিস্তাসকলে উপস্থিত হৈ তেওঁলোকক কয়ঃ আপোনালোকে মৃত্যুক ভয় নকৰিব, তথা ইয়াৰ পিছত হ’বলগীয়া ঘটনাবোৰকলৈও চিন্তিত নহ’ব। পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীকলৈও আফচোচ নকৰিব। তথা সেই জান্নাতৰ সুসংবাদ গ্ৰহণ কৰক, যি জান্নাত আপোনালোকক ঈমান আৰু সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• منزلة الاستقامة عند الله عظيمة.
সঠিক পথত অবিচল থকাৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা। info

• كرامة الله لعباده المؤمنين وتولِّيه شؤونهم وشؤون مَن خلفهم.
আল্লাহে মুমিনসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে, সেইকাৰণে তেওঁ তেওঁলোকৰ যাৱতীয় বিষয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে তথা তেওঁলোকে এৰি থৈ যোৱা লোকৰো দায়িত্ব লৈছে। info

• مكانة الدعوة إلى الله، وأنها أفضل الأعمال.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ মহত্ব, তথা এইটো হৈছে আটাইতকৈ উত্তম আমল। info

• الصبر على الإيذاء والدفع بالتي هي أحسن خُلُقان لا غنى للداعي إلى الله عنهما.
নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰা আৰু বেয়া ব্যৱহাৰকাৰীৰ বেয়া আচৰণক সদ্ব্যৱহাৰৰ দ্বাৰা প্ৰতিহত কৰা, এই দুয়োটা গুণ হৈছে উৎকৃষ্ট বৈশিষ্ট্য। আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি কেতিয়াও এই দুয়োটা বৈশিষ্ট্যৰ পৰা অমুখাপেক্ষী নহয়। info