Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
15 : 45

مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهٖ ۚ— وَمَنْ اَسَآءَ فَعَلَیْهَا ؗ— ثُمَّ اِلٰی رَبِّكُمْ تُرْجَعُوْنَ ۟

যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ প্ৰতিফল সি নিজে উপভোগ কৰিব। আল্লাহে তেওঁৰ এই সৎকৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, তাৰ পৰিণামো সি নিজেই ভোগ কৰিব, ইয়াৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহ'ব। ইয়াৰ পিছত আখিৰাতত তোমালোক আটায়ে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া আমি তোমালোকৰ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দান কৰিম। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• العفو والتجاوز عن الظالم إذا لم يُظهر الفساد في الأرض، ويَعْتَدِ على حدود الله؛ خلق فاضل أمر الله به المؤمنين إن غلب على ظنهم العاقبة الحسنة.
যদি কোনো কাফিৰ ব্যক্তিয়ে অন্যায়-অত্যাচাৰৰ জৰিয়তে পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰে তথা আল্লাহে নিৰ্ধাৰিত কৰা সীমা লঙ্ঘন নকৰে তেন্তে তেনেকুৱা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত। ইয়াৰ আদেশ আল্লাহে মুমিনসকলক দিছে, যদিহে ইয়াৰ ভাল পৰিণাম প্ৰকট হোৱাৰ আশা থাকে। info

• وجوب اتباع الشرع والبعد عن اتباع أهواء البشر.
মানুহৰ ইচ্ছাৰ অনুসৰণৰ পৰা আঁতৰি চৰীয়তৰ অনুসৰণ কৰা অনিবাৰ্য। info

• كما لا يستوي المؤمنون والكافرون في الصفات، فلا يستوون في الجزاء.
যিদৰে মুমিন আৰু কাফিৰৰ বৈশিষ্ট্য সমান নহয়, ঠিক সেইদৰে সিহঁতৰ প্ৰতিদানো সমান নহয়। info

• خلق الله السماوات والأرض وفق حكمة بالغة يجهلها الماديون الملحدون.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্ণ হিকমত সহকাৰে সৃষ্টি কৰিছে। কিন্তু ভৌতিকবাদী বিধৰ্মীসকলে এইবোৰ নাজানে। info