Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
16 : 48

قُلْ لِّلْمُخَلَّفِیْنَ مِنَ الْاَعْرَابِ سَتُدْعَوْنَ اِلٰی قَوْمٍ اُولِیْ بَاْسٍ شَدِیْدٍ تُقَاتِلُوْنَهُمْ اَوْ یُسْلِمُوْنَ ۚ— فَاِنْ تُطِیْعُوْا یُؤْتِكُمُ اللّٰهُ اَجْرًا حَسَنًا ۚ— وَاِنْ تَتَوَلَّوْا كَمَا تَوَلَّیْتُمْ مِّنْ قَبْلُ یُعَذِّبْكُمْ عَذَابًا اَلِیْمًا ۟

হে ৰাছুল! আপুনি সেই বেদুইনসকলক পৰীক্ষাস্বৰূপ কৈ দিয়ক, যিসকলে মক্কাৰ ছফৰত আপোনাৰ সৈতে যোৱাৰ পৰিবৰ্তে ঘৰতে ৰৈ গৈছিলঃ “শীঘ্ৰেই তোমালোকক এনেকুৱা এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহ্বান কৰা হ’ব, যাৰ অধিবাসীসকল হৈছে যুদ্ধবীৰ। সিহঁতৰ বিৰুদ্ধে তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা সিহঁতে যুদ্ধ নকৰাকৈয়ে ইছলাম গ্ৰহণ কৰিব। এতেকে যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি সিহঁতৰ সৈতে যুদ্ধ কৰা, তেন্তে তোমালোকক উত্তম প্ৰতিদান দান কৰা হ’ব, অৰ্থাৎ জান্নাত। আনহাতে যদি তোমালোকে তেওঁৰ আদেশ অমান্য কৰা (যিদৰে তোমালোকে মক্কাৰ ছফৰত তেওঁৰ লগত যোৱাৰ পৰা বিৰত আছিলা) তেন্তে তোমালোকক কষ্টদায়ক শাস্তি বিহা হ’ব”। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• إخبار القرآن بمغيبات تحققت فيما بعد - مثل الفتوح الإسلامية - دليل قاطع على أن القرآن الكريم من عند الله.
কোৰআনুল কাৰীমে কিছুমান এনেকুৱা অদৃশ্য বিষয় সম্পৰ্কে সংবাদ দিছে, যিবোৰ পিছলৈ বাস্তৱত পৰিণত হৈছে, যেনে- ইছলামী বিজয় আদি। কোৰআনুল কাৰীম সম্পৰ্কে এইবোৰেই হৈছে অকাট্য প্ৰমাণ যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। info

• تقوم أحكام الشريعة على الرفق واليسر.
চৰীয়তৰ বিধি-বিধানবোৰ সহজ-সৰল আৰু কৃপা নিৰ্ভৰশীল। info

• جزاء أهل بيعة الرضوان منه ما هو معجل، ومنه ما هو مدَّخر لهم في الآخرة.
বাইআতে ৰিজৱানত অংশগ্ৰহণ কৰা চাহাবাসকলক তেওঁলোকৰ প্ৰতিদানৰ কিছু অংশ পৃথিৱীতেই দান কৰা হৈছে আৰু বাকীখিনি আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হৈছে। info

• غلبة الحق وأهله على الباطل وأهله سُنَّة إلهية.
সত্য আৰু সত্যবাদীসকলে, অসত্য তথা অসত্যবাদীসকলৰ ওপৰত সদায় বিজয় লাভ কৰিব, এইটোৱে চলি অহা আল্লাহৰ ৰীতি। info