Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
74 : 5

اَفَلَا یَتُوْبُوْنَ اِلَی اللّٰهِ وَیَسْتَغْفِرُوْنَهٗ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟

সিহঁতে নিজৰ এইবোৰ কথা এৰি আল্লাহৰ ওচৰত তাওবা নকৰিবনে আৰু শ্বিৰ্কৰ পৰা ক্ষমা নিবিচাৰিব নে? অথচ আল্লাহে তাওবাকাৰীৰ গুনাহ ক্ষমা কৰি দিয়ে। গুনাহ যিমানেই ডাঙৰ নহওঁক কিয়, আনকি তেওঁৰ লগত কৰা কুফৰেই নহওঁক কিয় (ক্ষমা কৰি দিয়ে)। তেওঁ মুমিনসকলৰ প্ৰতি বৰ কৃপাশীল। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان كفر النصارى في زعمهم ألوهية المسيح عليه السلام، وبيان بطلانها، والدعوةُ للتوبة منها.
খৃষ্টানসকলৰ কুফৰৰ বৰ্ণনা, যিসকলে মছীহ আলাইহিছ ছালামক উপাস্য বুলি ভাৱিছিল। সিহঁতৰ এই ধাৰণাৰ খণ্ডন কৰা হৈছে লগতে সিহঁতক তাওবা কৰিবলৈ আহ্বান জনোৱা হৈছে। info

• من أدلة بشرية المسيح وأمه: أكلهما للطعام، وفعل ما يترتب عليه.
মছীহ তথা তেওঁৰ মাতৃ যে মানুহ আছিল তাৰ এটা প্ৰমাণ এই যে, তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, আৰু ইয়াৰ পিছত যি যি কৰিব লাগে সেয়াও কৰিছিল। info

• عدم القدرة على كف الضر وإيصال النفع من الأدلة الظاهرة على عدم استحقاق المعبودين من دون الله للألوهية؛ لكونهم عاجزين.
উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকাটো হৈছে এই কথাৰ স্পষ্ট প্ৰমাণ যে, আল্লাহৰ বাহিৰে যিবোৰৰ উপসনা কৰা হয় সেইবোৰ ইবাদতৰ যোগ্য নহয়, কাৰণ সেইবোৰ অপাৰগ। info

• النهي عن الغلو وتجاوز الحد في معاملة الصالحين من خلق الله تعالى.
আল্লাহৰ পূণ্যৱান ব্যক্তিৰ ক্ষেত্ৰত সীমা চেৰাই যোৱাৰ পৰা আৰু আল্লাহৰ বিধান উলংঘা কৰাৰ পৰা নিষেধ কৰা হৈছে। info