Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
75 : 5

مَا الْمَسِیْحُ ابْنُ مَرْیَمَ اِلَّا رَسُوْلٌ ۚ— قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ؕ— وَاُمُّهٗ صِدِّیْقَةٌ ؕ— كَانَا یَاْكُلٰنِ الطَّعَامَ ؕ— اُنْظُرْ كَیْفَ نُبَیِّنُ لَهُمُ الْاٰیٰتِ ثُمَّ انْظُرْ اَنّٰی یُؤْفَكُوْنَ ۟

মৰিয়মৰ পুত্ৰ ঈছা মছীহ কেৱল এজন ৰাছুল। আন আন নবীসকলৰ দৰেই তেৱোঁ মৃত্যুবৰণ কৰিব। আৰু তেওঁৰ মা মৰিয়ম আলাইহাচ ছালাম বহুত সত্যবাদী তথা আল্লাহৰ বিধান সমৰ্থনকাৰী আছিল। তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, কাৰণ এইটো তেওঁলোকৰ প্ৰয়োজনীয় আছিল। তেন্তে কেনেকৈ তেওঁলোক উপাস্য হব পাৰে? হে ৰাছুল আপুনি অলপ গভীৰভাৱে চিন্তা কৰি চাওঁকচোন! আমি কিমান স্পষ্ট ভাৱে ইহঁতৰ সন্মুখত এই কথাৰ নিদৰ্শনসমূহ বৰ্ণনা কৰিছো যে, আল্লাহ একক। আনহাতে সিহঁতে আনক উপাস্য বনোৱাৰ যি অভ্যাস পুহি ৰাখিছে, সেয়া যে ভ্ৰান্ত মতবাদ সেইটোও খণ্ডন কৰিছো। কিন্তু ইয়াৰ পিছতো সিহঁতে এইবোৰ নিদৰ্শনক অস্বীকাৰ কৰে। আপুনি গভীৰভাৱে চাওঁক, আল্লাহ যে একক, ইয়াৰ স্পষ্ট নিদৰ্শনসমূহ পোৱাৰ পিছতো সিহঁতে সত্যৰ পৰা আঁতৰি গৈ আছে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان كفر النصارى في زعمهم ألوهية المسيح عليه السلام، وبيان بطلانها، والدعوةُ للتوبة منها.
খৃষ্টানসকলৰ কুফৰৰ বৰ্ণনা, যিসকলে মছীহ আলাইহিছ ছালামক উপাস্য বুলি ভাৱিছিল। সিহঁতৰ এই ধাৰণাৰ খণ্ডন কৰা হৈছে লগতে সিহঁতক তাওবা কৰিবলৈ আহ্বান জনোৱা হৈছে। info

• من أدلة بشرية المسيح وأمه: أكلهما للطعام، وفعل ما يترتب عليه.
মছীহ তথা তেওঁৰ মাতৃ যে মানুহ আছিল তাৰ এটা প্ৰমাণ এই যে, তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, আৰু ইয়াৰ পিছত যি যি কৰিব লাগে সেয়াও কৰিছিল। info

• عدم القدرة على كف الضر وإيصال النفع من الأدلة الظاهرة على عدم استحقاق المعبودين من دون الله للألوهية؛ لكونهم عاجزين.
উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকাটো হৈছে এই কথাৰ স্পষ্ট প্ৰমাণ যে, আল্লাহৰ বাহিৰে যিবোৰৰ উপসনা কৰা হয় সেইবোৰ ইবাদতৰ যোগ্য নহয়, কাৰণ সেইবোৰ অপাৰগ। info

• النهي عن الغلو وتجاوز الحد في معاملة الصالحين من خلق الله تعالى.
আল্লাহৰ পূণ্যৱান ব্যক্তিৰ ক্ষেত্ৰত সীমা চেৰাই যোৱাৰ পৰা আৰু আল্লাহৰ বিধান উলংঘা কৰাৰ পৰা নিষেধ কৰা হৈছে। info