Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
84 : 5

وَمَا لَنَا لَا نُؤْمِنُ بِاللّٰهِ وَمَا جَآءَنَا مِنَ الْحَقِّ ۙ— وَنَطْمَعُ اَنْ یُّدْخِلَنَا رَبُّنَا مَعَ الْقَوْمِ الصّٰلِحِیْنَ ۟

আমাৰ আৰু আল্লাহৰ প্ৰতি ঈমানৰ মাজত তথা সেই সত্যৰ প্ৰতি যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে তাৰ মাজত কোনটো বস্তু ব্যৱধান হব পাৰে, আৰু আমি নবীসকল তথা তেওঁলোকৰ অনুগামীসকলৰ সৈতে, যিসকলে আল্লাহৰ আনুগত্য কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে, জান্নাতত প্ৰৱেশ কৰাৰ আশা পোষণ কৰো। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الأمر بتوخي الطيب من الأرزاق وترك الخبيث.
পৱিত্ৰ জীৱিকা অনুসন্ধান কৰিবলৈ তথা অপৱিত্ৰ জীৱিকা ত্যাগ কৰাৰ আদেশ দিয়া হৈছে। info

• عدم المؤاخذة على الحلف عن غير عزم للقلب، والمؤاخذة على ما كان عن عزم القلب ليفعلنّ أو لا يفعلنّ.
আন্তৰিক সংকল্পৰে যি শপত খোৱা নহয়, সেই শপতৰ হিচাপ লোৱা নহ'ব। আনহাতে যিটো জানি বুজি সংকল্প সহকাৰে খোৱা হয়, সেই শপত হিচাপ হ'ব। info

• بيان أن كفارة اليمين: إطعام عشرة مساكين، أو كسوتهم، أو عتق رقبة مؤمنة، فإذا لم يستطع المكفِّر عن يمينه الإتيان بواحد من الأمور السابقة، فليكفِّر عن يمينه بصيام ثلاثة أيام.
শপত ভঙ্গ কৰিলে তাৰ কাফ্ফাৰা হৈছেঃ দহ জন মিছকিনক ভোজন কৰোৱা, অথবা সিহঁতক কাপোৰ দান কৰা নাইবা এজন মুমিন দাস মুক্ত কৰা। প্ৰায়শ্চিতকাৰীয়ে যদি এইবোৰ কৰিব নোৱাৰে তেন্তে তিনি দিন চওঁম পালন কৰিব লাগিব। info

• قوله تعالى: ﴿... إنَّمَا الْخَمْرُ ...﴾ هي آخر آية نزلت في الخمر، وهي نص في تحريمه.
ইন্নামাল খামৰু... এই আয়াতটো মাদক দ্ৰৱ্য সম্পৰ্কীয় সৰ্বশেষ আয়াত, তথা এই আয়াতে মাদক দ্ৰৱ্য যে নিষিদ্ধ সেয়া স্পষ্ট কৰিছে। info