Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
13 : 57

یَوْمَ یَقُوْلُ الْمُنٰفِقُوْنَ وَالْمُنٰفِقٰتُ لِلَّذِیْنَ اٰمَنُوا انْظُرُوْنَا نَقْتَبِسْ مِنْ نُّوْرِكُمْ ۚ— قِیْلَ ارْجِعُوْا وَرَآءَكُمْ فَالْتَمِسُوْا نُوْرًا ؕ— فَضُرِبَ بَیْنَهُمْ بِسُوْرٍ لَّهٗ بَابٌ ؕ— بَاطِنُهٗ فِیْهِ الرَّحْمَةُ وَظَاهِرُهٗ مِنْ قِبَلِهِ الْعَذَابُ ۟ؕ

সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে মুমিনসকলক উদ্দেশ্যি ক’বঃ তোমালোকে আমাৰ বাবে অকণমান অপেক্ষা কৰা, যাতে আমি তোমালোকৰ জ্যোতিৰ পৰা অলপ গ্ৰহণ কৰিব পাৰোঁ, যিয়ে আমাক পুলচিৰাত পাৰ হোৱাত সহায় কৰিব। তেতিয়া মুনাফিকসকলক ঠাট্টাৰ সুৰত কোৱা হ’বঃ তোমালোকে পিছফালে উভতি যোৱা, আৰু বাট দেখাৰ বাবে জ্যোতি সন্ধান কৰাগৈ। তেতিয়া সিহঁতৰ সন্মুখত প্রাচীৰ স্থাপন কৰা হ’ব। উক্ত প্রাচীৰত আছে এনেকুৱা এখন দুৱাৰ, যিখনৰ ভিতৰভাগ হৈছে মুমিনসকলৰ নিকটৱর্তী আৰু তাত আছে ৰহমত। আনহাতে বাহিৰৰ ভাগটো যিটো মুনাফিকসকলৰ নিকটৱর্তী তাত আছে শাস্তি। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• امتنان الله على المؤمنين بإعطائهم نورًا يسعى أمامهم وعن أيمانهم.
আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰি এনেকুৱা জ্যোতি প্ৰদান কৰিব, যিটো তেওঁলোকৰ সন্মুখত আৰু সোঁফালে গতি কৰিব। info

• المعاصي والنفاق سبب للظلمة والهلاك يوم القيامة.
পাপকৰ্ম আৰু নিফাক আদি হৈছে কিয়ামত দিৱসত অন্ধকাৰ আৰু ধ্বংসৰ কাৰণ। info

• التربُّص بالمؤمنين والشك في البعث، والانخداع بالأماني، والاغترار بالشيطان: من صفات المنافقين.
মু’মিনসকলৰ বিষয়ে দুৰভিসন্ধি পোষণ কৰা, পুনৰুত্থানকলৈ সন্দেহ কৰা, আশা-আকাংক্ষাৰ মায়াজালত আৱদ্ধ হোৱা আৰু চয়তানৰ দ্বাৰা প্ৰতাৰিত হোৱা, এইবোৰ হৈছে মুনাফিকসকলৰ বৈশিষ্ট্য। info

• خطر الغفلة المؤدية لقسوة القلوب.
উদাসীনতাৰ ভয়াৱহতা, ই অন্তৰক কঠোৰ হৃদয়ত পৰিণত কৰি দিয়ে। info