Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
139 : 6

وَقَالُوْا مَا فِیْ بُطُوْنِ هٰذِهِ الْاَنْعَامِ خَالِصَةٌ لِّذُكُوْرِنَا وَمُحَرَّمٌ عَلٰۤی اَزْوَاجِنَا ۚ— وَاِنْ یَّكُنْ مَّیْتَةً فَهُمْ فِیْهِ شُرَكَآءُ ؕ— سَیَجْزِیْهِمْ وَصْفَهُمْ ؕ— اِنَّهٗ حَكِیْمٌ عَلِیْمٌ ۟

সিহঁতে এই কথাও কৈছে যে, এইবোৰ ছায়েবাহ আৰু বাহীৰাহ আদি জন্তুৰ গৰ্ভৰ পৰা যদি কোনো পোৱালী জীৱিত জন্ম লাভ কৰে তেন্তে সেয়া পুৰুষসকলৰ বাবে বৈধ হ'ব আৰু মহিলাসকলৰ বাবে অবৈধ। আনহাতে যদি মৃত জন্ম হয় তেন্তে পুৰুষ মহিলা উভয়ে উপকৃত হ'ব পাৰে। সিহঁতৰ এইবোৰ মিছা অপবাদৰ যি দণ্ড হোৱা উচিত সেয়া আল্লাহে অতিশীঘ্ৰে সিহঁতক প্ৰদান কৰিব। নিশ্চয় তেওঁ বান্দাসকলৰ সকলো বিষয় নিয়ন্ত্ৰণত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সিহঁতৰ সকলো বিষয়ে অৱগত। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• ذم الله المشركين بسبع صفات هي : الخسران والسفاهة وعدم العلم وتحريم ما رزقهم الله والافتراء على الله والضلال وعدم الاهتداء؛ فهذه أمور سبعة، وكل واحد منها سبب تام في حصول الذم.
আল্লাহে মুশ্বৰিকসকলৰ নিন্দা কৰি সাত টা কথা কৈছেঃ যেনে- সিহঁত ক্ষতিগ্ৰস্ত, নিৰ্বোধ, মুৰ্খ, আল্লাহে প্ৰদান কৰা জীৱিকাক হাৰাম কৰে, আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, পথভ্ৰষ্ট তথা হিদায়তৰ পৰা দূৰৈত থাকে। এই হৈছে সাতটা বিষয়, প্ৰতিটো বিষয় নিন্দনীয় হোৱাৰ বাবে যথেষ্ট। info

• الأهواء سبب تحريم ما أحل الله وتحليل ما حرم الله.
আল্লাহে হালাল কৰা বস্তুক হাৰাম কৰা আৰু হাৰাম কৰা বস্তুক হালাল কৰাৰ মূল কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ। info

• وجوب الزكاة في الزروع والثمار عند حصادها، مع جواز الأكل منها قبل إخراج زكاتها، ولا يُحْسَب من الزكاة.
খেতি-বাতি তথা ফলৰ যাকাত চপোৱাৰ সময়তে আদায় কৰা আৱশ্যক। কিন্তু যাকাত আদায়ৰ পূৰ্বেও তাৰ পৰা খোৱা বৈধ, কিন্তু সেয়া যাকাতৰ অন্তৰ্ভুক্ত কৰা নহ'ব। info

• التمتع بالطيبات مع عدم الإسراف ومجاوزة الحد في الأكل والإنفاق.
আল্লাহে প্ৰদান কৰা উত্তম বস্তুবোৰ উপভোগ কৰা বৈধ, কিন্তু খোৱা-বোৱা আৰু ব্যয় কৰাৰ ক্ষেত্ৰত অপব্যয় কৰা তথা সীমালঙ্ঘন কৰা বৈধ নহয়। info