Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
142 : 6

وَمِنَ الْاَنْعَامِ حَمُوْلَةً وَّفَرْشًا ؕ— كُلُوْا مِمَّا رَزَقَكُمُ اللّٰهُ وَلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟ۙ

তেৱেঁই এনেকুৱা জীৱ-জন্তু সৃষ্টি কৰিছে, যিবোৰৰ পিঠিত বোজা বহন কৰা যায়। যেনেঃ ডাঙৰ উঁট। আৰু এনেকুৱাও জীৱ-জন্তু সৃষ্টি কৰিছে যিবোৰৰ পিঠীত বোজা বহন কৰা সম্ভৱ নহয়, যেনেঃ পোৱালী উট, ছাগলী আদি। হে মানৱজাতি! আল্লাহে প্ৰদান কৰা এইবোৰ জন্তুৰ মাজৰ যিবোৰ হালাল সেইবোৰ তোমালোকে ভক্ষণ কৰা, লগতে হালাল বস্তুক হাৰাম আৰু হাৰাম বস্তুক হালাল কৰাৰ ক্ষেত্ৰত তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা, যিদৰে মুশ্বৰিকসকলে কৰে। নিশ্চয় চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু, সি বিচাৰে তোমালোকে এনেকুৱা কাম কৰি আল্লাহৰ অবাধ্যতা কৰা। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• ذم الله المشركين بسبع صفات هي : الخسران والسفاهة وعدم العلم وتحريم ما رزقهم الله والافتراء على الله والضلال وعدم الاهتداء؛ فهذه أمور سبعة، وكل واحد منها سبب تام في حصول الذم.
আল্লাহে মুশ্বৰিকসকলৰ নিন্দা কৰি সাত টা কথা কৈছেঃ যেনে- সিহঁত ক্ষতিগ্ৰস্ত, নিৰ্বোধ, মুৰ্খ, আল্লাহে প্ৰদান কৰা জীৱিকাক হাৰাম কৰে, আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, পথভ্ৰষ্ট তথা হিদায়তৰ পৰা দূৰৈত থাকে। এই হৈছে সাতটা বিষয়, প্ৰতিটো বিষয় নিন্দনীয় হোৱাৰ বাবে যথেষ্ট। info

• الأهواء سبب تحريم ما أحل الله وتحليل ما حرم الله.
আল্লাহে হালাল কৰা বস্তুক হাৰাম কৰা আৰু হাৰাম কৰা বস্তুক হালাল কৰাৰ মূল কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ। info

• وجوب الزكاة في الزروع والثمار عند حصادها، مع جواز الأكل منها قبل إخراج زكاتها، ولا يُحْسَب من الزكاة.
খেতি-বাতি তথা ফলৰ যাকাত চপোৱাৰ সময়তে আদায় কৰা আৱশ্যক। কিন্তু যাকাত আদায়ৰ পূৰ্বেও তাৰ পৰা খোৱা বৈধ, কিন্তু সেয়া যাকাতৰ অন্তৰ্ভুক্ত কৰা নহ'ব। info

• التمتع بالطيبات مع عدم الإسراف ومجاوزة الحد في الأكل والإنفاق.
আল্লাহে প্ৰদান কৰা উত্তম বস্তুবোৰ উপভোগ কৰা বৈধ, কিন্তু খোৱা-বোৱা আৰু ব্যয় কৰাৰ ক্ষেত্ৰত অপব্যয় কৰা তথা সীমালঙ্ঘন কৰা বৈধ নহয়। info