Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
149 : 6

قُلْ فَلِلّٰهِ الْحُجَّةُ الْبَالِغَةُ ۚ— فَلَوْ شَآءَ لَهَدٰىكُمْ اَجْمَعِیْنَ ۟

হে ৰাছুল! মুশ্বৰিকসকলক কৈ দিয়ক যে, যদি তোমালোকৰ ওচৰত এই দু্ৰ্বল প্ৰমাণসমূহৰ বাহিৰে আন কোনো প্ৰমাণ নাই তেন্তে শুনা, আল্লাহৰ ওচৰত আছে অতি দৃঢ় তথা মজবুত প্ৰমাণ, যি প্ৰমাণে তোমালোকৰ সকলো বাহানা প্ৰৱঞ্চনা ধৰাশায়ী কৰি পেলাব আৰু তাৰ আগত তোমালোকৰ সকলো সন্দেহ- সংশয় নিৰৰ্থক সাব্যস্ত হ'ব। হে মুশ্বৰিকসকল! আল্লাহে ইচ্ছা কৰিলে তোমালোক সকলোকে সত্য স্বীকাৰ কৰাৰ তাওফীক তথা সামৰ্থ প্ৰদান কৰিলেহঁতেন। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الحذر من الجرائم الموصلة لبأس الله؛ لأنه لا يُرَدُّ بأسه عن القوم المجرمين إذا أراده.
এনেকুৱা অপৰাধৰ পৰা সদায় বিৰত থাকিব লাগে, যি অপৰাধে আল্লাহৰ শাস্তিৰ অধিকাৰী বনায়। কিয়নো যেতিয়া আল্লাহে কোনো অপৰাধীক শাস্তি দিব বিচাৰে তেন্তে কোনেও তাক ৰক্ষা কৰিব নোৱাৰে। info

• الاحتجاج بالقضاء والقدر بعد أن أعطى الله تعالى كل مخلوق قُدْرة وإرادة يتمكَّن بهما من فعل ما كُلِّف به؛ ظُلْمٌ مَحْض وعناد صرف.
আল্লাহে সকলো সৃষ্টিক ইচ্ছা প্ৰদান কৰিছে আৰু ইমানখিনি শক্তি দিছে যে, সি আল্লাহৰ আদেশ-নিষেধ পালন কৰিব পাৰে। ইয়াৰ পিছতো ভাগ্যক দোষাৰোপ কৰি দায়িত্ব সামৰিলে সেয়া এক প্ৰকাৰ অন্যায় তথা চৰম অবাধ্যতা। info

• دَلَّتِ الآيات على أنه بحسب عقل العبد يكون قيامه بما أمر الله به.
এই আয়াতবোৰৰ দ্বাৰা প্ৰমাণিত হ'ল যে, বান্দাই যিমানখিনি বুজি পায় সেই অনুসাৰে আল্লাহৰ আদেশ পালন কৰে। info

• النهي عن قربان الفواحش أبلغ من النهي عن مجرد فعلها، فإنه يتناول النهي عن مقدماتها ووسائلها الموصلة إليها.
অশ্লীলতা কৰাৰ তুলনাত, অশ্লীলতাৰ নিকটৱৰ্তী হোৱাৰ পৰা বিৰত ৰখাটো হৈছে অধিক ফলপ্ৰসূ। কিয়নো এই সতৰ্কতাই অশ্লীলতাৰ সকলো পথ নিষিদ্ধ কৰি দিয়ে। info