Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
5 : 66

عَسٰی رَبُّهٗۤ اِنْ طَلَّقَكُنَّ اَنْ یُّبْدِلَهٗۤ اَزْوَاجًا خَیْرًا مِّنْكُنَّ مُسْلِمٰتٍ مُّؤْمِنٰتٍ قٰنِتٰتٍ تٰٓىِٕبٰتٍ عٰبِدٰتٍ سٰٓىِٕحٰتٍ ثَیِّبٰتٍ وَّاَبْكَارًا ۟

এয়া কোনো ডাঙৰ কথা নহয় যে, যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক তালাক দিয়ে তেন্তে তেখেতৰ প্ৰতিপালকে তেখেতক তোমালোকতকৈ উত্তম স্ত্ৰী প্ৰদান কৰিব, যিয়ে আল্লাহৰ আদেশ পালন কৰিব, তেওঁৰ ওপৰত তথা তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰিব। আল্লাহৰ আনুগত্য কৰিব আৰু গুনাহৰ পৰা তাওবা কৰিব। নিজ প্ৰতিপালকৰ ইবাদতকাৰী হ'ব, চওম পালনকাৰী হ'ব, বিধৱা হওঁক অথবা কুমাৰী। কিন্তু তেখেতে তেওঁলোকক তালাক দিয়া নাছিল। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• مشروعية الكَفَّارة عن اليمين.
শপত ভঙ্গৰ কাফফাৰা দিয়াৰ প্ৰমাণ। info

• بيان منزلة النبي صلى الله عليه وسلم عند ربه ودفاعه عنه.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা আৰু আল্লাহৰ ফালৰ পৰা তেখেতক ৰক্ষা কৰাৰ বৰ্ণনা। info

• من كرم المصطفى صلى الله عليه وسلم مع زوجاته أنه كان لا يستقصي في العتاب فكان يعرض عن بعض الأخطاء إبقاءً للمودة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীসকলৰ প্ৰত্যেক ভুলৰ বাবে ভৰ্ৎসনা কৰা নাছিল, বৰং কিছুমান ভুলক আওকাণ কৰিছিল, যাতে পৰস্পৰ প্ৰেম ভাৱ অব্যাহত থাকে। info

• مسؤولية المؤمن عن نفسه وعن أهله.
মুমিন ব্যক্তি তেওঁৰ নিজৰ আৰু পৰিয়ালৰ দায়িত্বশীল। info