Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
64 : 7

فَكَذَّبُوْهُ فَاَنْجَیْنٰهُ وَالَّذِیْنَ مَعَهٗ فِی الْفُلْكِ وَاَغْرَقْنَا الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ؕ— اِنَّهُمْ كَانُوْا قَوْمًا عَمِیْنَ ۟۠

কিন্তু তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে আৰু তেওঁৰ প্ৰতি ঈমান পোষণ নকৰিলে, বৰং সিহঁত কুফৰৰ ওপৰত অটল থাকিল। ফলত নূহ আলাইহিছ ছালামে সিহঁতৰ ওপৰত বদ দুআ কৰি ক'লেঃ হে আল্লাহ! সিহঁতক ধ্বংস কৰি দিয়া। এতেকে আমি নূহক আৰু তেওঁৰ সৈতে থকা নাৱত আৰোহণ কৰা মুমিনসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলো। আনহাতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক লগতে যিসকলে এই কাৰ্যত অটল আছিল সিহঁতক শাস্তি স্বৰূপে অৱতীৰ্ণ হোৱা ধূমুহাত পতিত কৰি ডুবাই মাৰিলো। দৰাচলতে সিহঁতৰ অন্তৰত পৰ্দা পৰিছিল, সেই কাৰণে সিহঁতে সত্যক বুজি পোৱা নাই। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الأرض الطيبة مثال للقلوب الطيبة حين ينزل عليها الوحي الذي هو مادة الحياة، وكما أن الغيث مادة الحياة، فإن القلوب الطيبة حين يجيئها الوحي، تقبله وتعلمه وتنبت بحسب طيب أصلها، وحسن عنصرها، والعكس.
পৱিত্ৰ অন্তৰৰ উদাহৰণ হৈছে উৎকৃষ্ট ভূমি। অহী আৰু বৰষুণ দুয়োটাই জীৱনৰ মূল। পৱিত্ৰ অন্তৰৰ সম্পৰ্ক যেতিয়া অহীৰ সৈতে হয় তেতিয়া সেইটো গ্ৰহণ কৰি লয়। আৰু শিকিবলৈ আৰম্ভ কৰে লগতে পৱিত্ৰতা অনুপাতে আগুৱাই যায়। আনহাতে যদি অন্তৰ পৱিত্ৰ নহয় তেন্তে বিপৰীত দিশত গতি কৰে। info

• الأنبياء والمرسلون يشفقون على الخلق أعظم من شفقة آبائهم وأمهاتهم.
নবী আৰু ৰাছুলসকল সৃষ্টিৰ প্ৰতি সিহঁতৰ পিতৃ-মাতৃতকৈও অধিক দয়ালু। info

• من سُنَّة الله إرسال كل رسول من قومه وبلسانهم؛ تأليفًا لقلوب الذين لم تفسد فطرتهم، وتيسيرًا على البشر.
আল্লাহৰ এটা নীতি হৈছে এই যে, তেওঁ যি জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰে, সেইজন ৰাছুল সেই জাতিৰেই এজন সদস্য তথা সিহঁতৰেই ভাষাভাষী হয়। info

• من أعظم السفهاء من قابل الحق بالرد والإنكار، وتكبر عن الانقياد للعلماء والنصحاء، وانقاد قلبه وقالبه لكل شيطان مريد.
সেই ব্যক্তি আটাইতকৈ বিবেকহীন, যিয়ে সত্যক খণ্ডন কৰিবলৈ দুঃসাহস কৰে আৰু অস্বীকাৰ কৰে। শুভাকাংক্ষী তথা উলামাসকলৰ অনুসৰণ কৰিবলৈ অহংকাৰ কৰে আৰু সম্পূৰ্ণৰূপে চয়তানৰ অনুসৰণ কৰে। info