Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
126 : 9

اَوَلَا یَرَوْنَ اَنَّهُمْ یُفْتَنُوْنَ فِیْ كُلِّ عَامٍ مَّرَّةً اَوْ مَرَّتَیْنِ ثُمَّ لَا یَتُوْبُوْنَ وَلَا هُمْ یَذَّكَّرُوْنَ ۟

এই মুনাফিকসকলে গমি নাচায় নেকি যে, আল্লাহে প্ৰত্যেক বছৰ এবাৰ অথবা দুবাৰকৈ সিহঁতক সংকটত পেলাই আৰু সিহঁতৰ নিফাকৰ গোপন তথ্য প্ৰকাশ কৰি সিহঁতক পৰীক্ষা কৰে? এইবোৰ আল্লাহেই কৰে , এই কথা সিহঁতে জনাৰ পিছতো কুফুৰী কাৰ্যৰ পৰা তাওবা নকৰে আৰু নিফাকৰ পৰা বিৰত নাথাকে। লগতে সিহঁতৰ লগত সংঘটিত হোৱা সেই ঘটনাবোৰৰ পৰাও সিহঁতে শিক্ষা নলয়, আৰু এইবোৰ যে আল্লাহৰ ফালৰ পৰা সংঘটিত হয় এই কথাও ভাৱি নাচায়। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• وجوب ابتداء القتال بالأقرب من الكفار إذا اتسعت رقعة الإسلام، ودعت إليه حاجة.
প্ৰয়োজন সাপেক্ষে আৰু ইছলামী শাসন বিস্তাৰ লাভ কৰাৰ পিছত যুদ্ধ কৰিবলৈ বাধ্য হ'লে, নিজৰ ওচৰে পাঁজৰে থকা শত্ৰুৰ পৰা যুদ্ধ আৰম্ভ কৰা জৰুৰী। info

• بيان حال المنافقين حين نزول القرآن عليهم وهي الترقُّب والاضطراب.
কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত মুনাফিকসকলৰ হোৱা উদ্বিগ্নতাৰ বৰ্ণনা। info

• بيان رحمة النبي صلى الله عليه وسلم بالمؤمنين وحرصه عليهم.
মুমিনসকলৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দয়াদৃষ্টি আৰু সদায় তেওঁলোকৰ সফলতা কামনা কৰাৰ বৰ্ণনা। info

• في الآيات دليل على أن الإيمان يزيد وينقص، وأنه ينبغي للمؤمن أن يتفقد إيمانه ويتعاهده فيجدده وينميه؛ ليكون دائمًا في صعود.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়। সেয়ে মুমিনসকলে নিজৰ ঈমান চোৱাচিতা কৰা উচিত, আৰু সদায় ঈমান সতেজ ৰখাৰ আৰু উন্নত কৰাৰ চেষ্টা কৰা উচিত, যাতে ঈমান সদায় বৃদ্ধি পাই থাকে। info