Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Sẽn lebg ne Asami goamã - Rafɩɩƙ Al-ɭslaam Habiib al-Rahmaan

external-link copy
81 : 11

قَالُوْا یٰلُوْطُ اِنَّا رُسُلُ رَبِّكَ لَنْ یَّصِلُوْۤا اِلَیْكَ فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ اِلَّا امْرَاَتَكَ ؕ— اِنَّهٗ مُصِیْبُهَا مَاۤ اَصَابَهُمْ ؕ— اِنَّ مَوْعِدَهُمُ الصُّبْحُ ؕ— اَلَیْسَ الصُّبْحُ بِقَرِیْبٍ ۟

তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গকলৈ ওলাই যাওক আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়। কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে, কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ (শাস্তিৰ) বাবে নিৰ্ধাৰিত সময়। প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু’? info
التفاسير: |