ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
28 : 40

وَقَالَ رَجُلٌ مُّؤْمِنٌ ۖۗ— مِّنْ اٰلِ فِرْعَوْنَ یَكْتُمُ اِیْمَانَهٗۤ اَتَقْتُلُوْنَ رَجُلًا اَنْ یَّقُوْلَ رَبِّیَ اللّٰهُ وَقَدْ جَآءَكُمْ بِالْبَیِّنٰتِ مِنْ رَّبِّكُمْ ؕ— وَاِنْ یَّكُ كَاذِبًا فَعَلَیْهِ كَذِبُهٗ ۚ— وَاِنْ یَّكُ صَادِقًا یُّصِبْكُمْ بَعْضُ الَّذِیْ یَعِدُكُمْ ؕ— اِنَّ اللّٰهَ لَا یَهْدِیْ مَنْ هُوَ مُسْرِفٌ كَذَّابٌ ۟

ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে, যিয়ে নিজৰ ঈমান গোপন কৰি ৰাখিছিল, মুছা আলাইহিচ্ছালামৰ হত্যা সম্পৰ্কীয় সিদ্ধান্তক গৰিহণা দি ক'লেঃ তোমালোকে এজন নিৰ্দোষী ব্যক্তিক এইকাৰণে শাস্তি দিব বিচৰা নেকি, যাৰ দোষ কেৱল এইটো যে সি কয়ঃ মোৰ প্ৰতিপালক হৈছে একমাত্ৰ আল্লাহ তাআলা। অথচ তেওঁ এনেকুৱা স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছে, যিবোৰে তেওঁৰ দাবীৰ সত্যতা প্ৰমাণ কৰে যে তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদি এই কথা মানিও লোৱা যায় যে, তেওঁ নিজৰ দাবীত মিছলীয়া, তথাপি সেই শাস্তি তেওঁ নিজেই ভোগ কৰিব। আনহাতে যদি তেওঁ সত্যবাদী হয়, তেন্তে তেওঁ তোমালোকক যি শাস্তিৰ পৰা সতৰ্ক কৰি আছে, অচিৰেই সেই শাস্তিয়ে তোমালোকৰ কিছুমানক স্পৰ্শ কৰিব। জানি থোৱা! যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা উলঙ্ঘা কৰে তথা তেওঁৰ ওপৰত আৰু ৰাছুলৰ ওপৰত মিছা অপবাদ জাপি দিয়ে, নিশ্চিতভাৱে আল্লাহে তেনেকুৱা ব্যক্তিক সত্যৰ তাওফীক প্ৰদান নকৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• لجوء المؤمن إلى ربه ليحميه من كيد أعدائه.
শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰে। info

• جواز كتم الإيمان للمصلحة الراجحة أو لدرء المفسدة.
কোনো গুৰুত্বপূৰ্ণ হিত ৰক্ষাৰ্থে অথবা কোনো ক্ষতিৰ পৰা বাচিবলৈ ঈমান গোপন কৰা বৈধ। info

• تقديم النصح للناس من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info