ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
13 : 42

شَرَعَ لَكُمْ مِّنَ الدِّیْنِ مَا وَصّٰی بِهٖ نُوْحًا وَّالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ وَمَا وَصَّیْنَا بِهٖۤ اِبْرٰهِیْمَ وَمُوْسٰی وَعِیْسٰۤی اَنْ اَقِیْمُوا الدِّیْنَ وَلَا تَتَفَرَّقُوْا فِیْهِ ؕ— كَبُرَ عَلَی الْمُشْرِكِیْنَ مَا تَدْعُوْهُمْ اِلَیْهِ ؕ— اَللّٰهُ یَجْتَبِیْۤ اِلَیْهِ مَنْ یَّشَآءُ وَیَهْدِیْۤ اِلَیْهِ مَنْ یُّنِیْبُ ۟ؕ

তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যিদৰে আমি নূহ আলাইহিচ্ছালামক ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ আদেশ কৰিছিলোঁ, আৰু হে ৰাছুল আপোনাৰ প্ৰতিও আমি সেই অহীকেই প্ৰেৰণ কৰিছোঁ। আমি তোমালোকৰ বাবে সেইদৰেই চৰীয়ত বিধিবদ্ধ কৰিছোঁ, যিটো প্ৰচাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ নিৰ্দেশ আমি ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামক প্ৰদান কৰিছিলোঁ। যাৰ সাৰাংশ হৈছে, “তোমালোকে দ্বীন প্ৰতিষ্ঠিত কৰা, ইয়াৰ মাজত মতভেদ কৰাৰ পৰা বিৰত থকা”। (হে ৰাছুল!) অন্যান্য উপাস্যৰ উপাসনা পৰিত্যাগ কৰাৰ বিধান আৰু তাওহীদৰ পিনে কৰা আপোনাৰ এই আহ্বান, মুশ্বৰিকসকলৰ বাবে কঠিন অনুভৱ হৈ আছে। আল্লাহে তেওঁৰ যি বান্দাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তাক তেওঁৰ ইবাদত আৰু আনুগত্যৰ তাওফীক দিয়ে। লগতে যিয়ে গুনাহৰ পৰা তাওবা কৰি তেওঁৰ পিনে প্ৰত্যৱৰ্তন কৰে তাক তেওঁ হিদায়ত দিয়ে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• دين الأنبياء في أصوله دين واحد.
মৌলিক বিষয়ত সকলো নবীৰ ধৰ্ম এটাই। info

• أهمية وحدة الكلمة، وخطر الاختلاف فيها.
একতাৰ গুৰুত্ব আৰু বিভেদৰ ভয়াৱহতা। info

• من مقومات نجاح الدعوة إلى الله: صحة المبدأ، والاستقامة عليه، والبعد عن اتباع الأهواء، والعدل، والتركيز على المشترك، وترك الجدال العقيم، والتذكير بالمصير المشترك.
ধৰ্ম প্ৰচাৰৰ কেইটামান সফল নীতিঃ উৎস সঠিক হ’ব লাগিব, তাৰ ওপৰত প্ৰতিষ্ঠিত থাকিব লাগিব। প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থাকিব লাগিব। ন্যায় তথা এনেকুৱা বিষয়ৰ প্ৰতি মনোযোগ প্ৰদান কৰিব লাগিব, যিটো উভয় ক্ষেত্ৰতে প্ৰযোজ্য। লগতে অলাগতীয়াল বিতৰ্ক পৰিহাৰ কৰিব লাগিব আৰু এনেকুৱা পৰিণামবোৰ স্মৰণ কৰাব লাগিব, যিবোৰৰ সন্মুখীন সকলোৱে হ’ব লাগিব। info