Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (15) ߝߐߘߊ ߘߏ߫: ߟߊ߬ߥߛߊ
سَیَقُوْلُ الْمُخَلَّفُوْنَ اِذَا انْطَلَقْتُمْ اِلٰی مَغَانِمَ لِتَاْخُذُوْهَا ذَرُوْنَا نَتَّبِعْكُمْ ۚ— یُرِیْدُوْنَ اَنْ یُّبَدِّلُوْا كَلٰمَ اللّٰهِ ؕ— قُلْ لَّنْ تَتَّبِعُوْنَا كَذٰلِكُمْ قَالَ اللّٰهُ مِنْ قَبْلُ ۚ— فَسَیَقُوْلُوْنَ بَلْ تَحْسُدُوْنَنَا ؕ— بَلْ كَانُوْا لَا یَفْقَهُوْنَ اِلَّا قَلِیْلًا ۟
হে মুমিনসকল! যেতিয়া তোমালোকে খয়বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিবলৈ ওলাই পৰিবা, যিটোৰ প্ৰতিশ্ৰুতি হুদাইবিয়াৰ সন্ধিৰ পিছত আল্লাহে তোমালোকক প্ৰদান কৰিছিল। তেতিয়া সেইসকল লোকে ক’ব, যিসকলক আল্লাহে মক্কাৰ ছফৰৰ পৰা বিৰত ৰাখিছিলঃ “আপোনালোকৰ লগত যাবলৈ আমাকো অনুমতি দিয়ক, যাতে আমিও যুদ্ধলব্ধ সম্পদ লাভ কৰিব পাৰোঁ”। পিছত ৰৈ যোৱা এই লোকসকলে এনেকুৱা আবেদন কৰি দৰাচলতে আল্লাহৰ সেই প্ৰতিশ্ৰুতি পৰিবৰ্তন কৰিব বিচাৰে, যিটো আল্লাহে হুদাইবিয়াৰ সন্ধিৰ পিছত মুমিনসকলক প্ৰদান কৰিছিল যে, কেৱল তেওঁলোকেই খয়বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, এই যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিবলৈ তোমালোকে আমাৰ লগত যাব নোৱাৰা, কাৰণ এই সম্পদ বিশেষকৈ সেইসকল লোকৰ প্ৰাপ্য যিসকলে হুদাইবিয়াত অংশগ্ৰহণ কৰিছিল। তেতিয়া সিহঁতে নিশ্চয় ক’বঃ “খয়বৰৰ অভিযানত আমাক লগত লৈ নোযোৱাটো আল্লাহৰ আদেশ নহয়, বৰং এইটো হৈছে আপোনালোকৰ ঈৰ্ষা”। কিন্তু বিষয়টো তেনেকুৱা নহয় যিদৰে এই ৰৈ যোৱা লোকসকলে ধাৰণা কৰিছে। বৰং সিহঁতে আল্লাহৰ আদেশ নিষেধ বুজিবলৈয়ে সক্ষম নহয়। সেইকাৰণেই সিহঁতে গুনাহত পতিত হৈ আছে।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• مكانة بيعة الرضوان عند الله عظيمة، وأهلها من خير الناس على وجه الأرض.
আল্লাহৰ ওচৰত বাইআতে ৰিজৱানৰ গুৰুত্ব অধিক। এই বাইআতত অংশগ্ৰহণ কৰা লোকসকল হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট ব্যক্তি।

• سوء الظن بالله من أسباب الوقوع في المعصية وقد يوصل إلى الكفر.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে গুনাহত পতিত হোৱাৰ কাৰণ, আনকি কেতিয়াবা ই কুফৰীত লিপ্ত হোৱাৰো কাৰণ হৈ পৰে।

• ضعاف الإيمان قليلون عند الفزع، كثيرون عند الطمع.
দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে ভয়ৰ সময়ত পিছুৱাই থাকে আৰু লোভ-লালসাৰ সময়ত আগভাগ লয়।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (15) ߝߐߘߊ ߘߏ߫: ߟߊ߬ߥߛߊ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲