Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (50) ߝߐߘߊ ߘߏ߫: ߞߐ߲ߛߐ߲ ߠߎ߬
وَلَوْ تَرٰۤی اِذْ یَتَوَفَّی الَّذِیْنَ كَفَرُوا الْمَلٰٓىِٕكَةُ یَضْرِبُوْنَ وُجُوْهَهُمْ وَاَدْبَارَهُمْ ۚ— وَذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟
হে ৰাছুল! আপুনি যদি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী বিলাকক সেই সময়ত দেখিলেহেঁতেন, যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁতে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায়ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁতৰ পিঠিত আক্ৰমণ কৰিছিল, আৰু সিহঁতক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তিৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁতেন তেন্তে এটা ডাঙৰ ঘটনা দৰ্শন কৰিলেহেঁতেন।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• البَطَر مرض خطير ينْخَرُ في تكوين شخصية الإنسان، ويُعَجِّل في تدمير كيان صاحبه.
নিয়ামত পাই অহংকাৰ কৰা এটা ডাঙৰ ব্যাধি, যিটোৱে মানুহৰ ব্যক্তিত্ব নিৰ্মাণত বাধা প্ৰদান কৰে তথা মানুহক অতিসোনকালে ধ্বংস কৰাত সহায় কৰে।

• الصبر يعين على تحمل الشدائد والمصاعب، وللصبر منفعة إلهية، وهي إعانة الله لمن صبر امتثالًا لأمره، وهذا مشاهد في تصرفات الحياة.
ধৈৰ্যই মানুহক কঠিন পৰিস্থিতি তথা বিপদৰ মুকাবিলা কৰাত সহায় কৰে। ধৈৰ্য ধাৰণত ঐশী উপকাৰ আছে। এতেকে যিয়ে আল্লাহৰ আদেশ পালন কৰি ধৈৰ্য ধাৰণ কৰে, তেওঁ আল্লাহৰ ফালৰ পৰা সহায়প্ৰাপ্ত। মানুহৰ জীৱনত এয়া প্ৰায় পৰিলক্ষিত হোৱা দেখা যায়।

• التنازع والاختلاف من أسباب انقسام الأمة، وإنذار بالهزيمة والتراجع، وذهاب القوة والنصر والدولة.
পৰস্পৰ বিবাদ আৰু মতানৈক্যৰ ফলত উম্মত বহুধাবিভক্ত হয়, ফলত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াৰ ফলত শক্তি, সহায় আৰু শাসন নাইকীয়া হৈ যায়।

• الإيمان يوجب لصاحبه الإقدام على الأمور الهائلة التي لا يُقْدِم عليها الجيوش العظام.
ঈমানে মুমিনৰ দ্বাৰাই এনেকুৱা এনেকুৱা অলৌকিকতা প্ৰদৰ্শন কৰায়, যিটো ডাঙৰ ডাঙৰ সৈন্যবাহিনীৰ দ্বাৰাও সম্ভৱ নহয়।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (50) ߝߐߘߊ ߘߏ߫: ߞߐ߲ߛߐ߲ ߠߎ߬
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲