ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߊߛߊ߯ߡߌߞߊ߲ ߘߟߊߡߌߘߊ - ߙߊ߬ߝߌ߯ߞ߫ߎ-ߟߑߌߛߑߟߊ߯ߡߌ߫ ߤ߭ߊ߬ߓߌ߯ߓߎ߫ ߚߊ߬ߤ߭ߑߡߊ߯ߣߌ߫ ߓߟߏ߫

external-link copy
21 : 18

وَكَذٰلِكَ اَعْثَرْنَا عَلَیْهِمْ لِیَعْلَمُوْۤا اَنَّ وَعْدَ اللّٰهِ حَقٌّ وَّاَنَّ السَّاعَةَ لَا رَیْبَ فِیْهَا ۚۗ— اِذْ یَتَنَازَعُوْنَ بَیْنَهُمْ اَمْرَهُمْ فَقَالُوا ابْنُوْا عَلَیْهِمْ بُنْیَانًا ؕ— رَبُّهُمْ اَعْلَمُ بِهِمْ ؕ— قَالَ الَّذِیْنَ غَلَبُوْا عَلٰۤی اَمْرِهِمْ لَنَتَّخِذَنَّ عَلَیْهِمْ مَّسْجِدًا ۟

আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ, যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল, ‘তেওঁলোকৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল, ‘নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’। info
التفاسير: |