Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߊߛߊ߯ߡߌߞߊ߲ ߘߟߊߡߌߘߊ - ߙߊ߬ߝߌ߯ߞ߫ߎ-ߟߑߌߛߑߟߊ߯ߡߌ߫ ߤ߭ߊ߬ߓߌ߯ߓߎ߫ ߚߊ߬ߤ߭ߑߡߊ߯ߣߌ߫ ߓߟߏ߫ * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

PDF XML CSV Excel API
Please review the Terms and Policies

ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߝߐߘߊ ߘߏ߫: ߛߓߊߌ߲ߞߊ ߟߎ߬   ߟߝߊߙߌ ߘߏ߫:
قُلْ جَآءَ الْحَقُّ وَمَا یُبْدِئُ الْبَاطِلُ وَمَا یُعِیْدُ ۟
কোৱা, ‘সত্য আহিছে, গতিকে (জানি থোৱা) অসত্যই নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
قُلْ اِنْ ضَلَلْتُ فَاِنَّمَاۤ اَضِلُّ عَلٰی نَفْسِیْ ۚ— وَاِنِ اهْتَدَیْتُ فَبِمَا یُوْحِیْۤ اِلَیَّ رَبِّیْ ؕ— اِنَّهٗ سَمِیْعٌ قَرِیْبٌ ۟
কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়তপ্ৰাপ্ত হওঁ তেন্তে কেৱল এইকাৰণে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
وَلَوْ تَرٰۤی اِذْ فَزِعُوْا فَلَا فَوْتَ وَاُخِذُوْا مِنْ مَّكَانٍ قَرِیْبٍ ۟ۙ
যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত-বিহ্বল হৈ পৰিব, তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা কৰায়ত্ত কৰা হ’ব,
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
وَّقَالُوْۤا اٰمَنَّا بِهٖ ۚ— وَاَنّٰی لَهُمُ التَّنَاوُشُ مِنْ مَّكَانٍ بَعِیْدٍ ۟ۚ
আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলোঁ’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
وَقَدْ كَفَرُوْا بِهٖ مِنْ قَبْلُ ۚ— وَیَقْذِفُوْنَ بِالْغَیْبِ مِنْ مَّكَانٍ بَعِیْدٍ ۟
অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল; আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়েবৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
وَحِیْلَ بَیْنَهُمْ وَبَیْنَ مَا یَشْتَهُوْنَ كَمَا فُعِلَ بِاَشْیَاعِهِمْ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا فِیْ شَكٍّ مُّرِیْبٍ ۟۠
সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߝߐߘߊ ߘߏ߫: ߛߓߊߌ߲ߞߊ ߟߎ߬
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߊߛߊ߯ߡߌߞߊ߲ ߘߟߊߡߌߘߊ - ߙߊ߬ߝߌ߯ߞ߫ߎ-ߟߑߌߛߑߟߊ߯ߡߌ߫ ߤ߭ߊ߬ߓߌ߯ߓߎ߫ ߚߊ߬ߤ߭ߑߡߊ߯ߣߌ߫ ߓߟߏ߫ - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߗߍ߬ߡߐ߯ ߙߊ߬ߝߌ߯ߞ߫ߎ-ߟߑߌߛߑߟߊ߯ߡߌ߫ ߤ߭ߊ߬ߓߌ߯ߓߎ߫

ߘߊߕߎ߲߯ߠߌ߲