Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (75) அத்தியாயம்: யூனுஸ்
ثُمَّ بَعَثْنَا مِنْ بَعْدِهِمْ مُّوْسٰی وَهٰرُوْنَ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ بِاٰیٰتِنَا فَاسْتَكْبَرُوْا وَكَانُوْا قَوْمًا مُّجْرِمِیْنَ ۟
এটা দীৰ্ঘ সময়ৰ অন্তত এই ৰাছুলসকলৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাছ ছালামক মিচৰৰ ৰজা ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত প্ৰেৰণ কৰিলো। আমি তেওঁলোক দুয়োকে তেওঁলোকৰ সত্যতা প্ৰমাণকাৰী নিদৰ্শনৰ সৈতে প্ৰেৰণ কৰিছিলো। কিন্তু সিহঁতে অহংকাৰ কৰিলে আৰু তেওঁলোকে লৈ অহা বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰিলে। দৰাচলতে সিহঁত আছিল অপৰাধী সম্প্ৰদায়, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• سلاح المؤمن في مواجهة أعدائه هو التوكل على الله.
শত্ৰুৰ মুখামুখীৰ সময়ত মুমিনৰ অস্ত্ৰ হৈছে আল্লাহৰ প্ৰতি ভৰসা।

• الإصرار على الكفر والتكذيب بالرسل يوجب الختم على القلوب فلا تؤمن أبدًا.
কুফৰ আৰু ৰাছুলসকলক অস্বীকাৰ কৰাৰ পৰিণতিত অন্তৰত মোহৰ মাৰি দিয়া হয় আৰু তেনেকুৱা ব্যক্তিয়ে কেতিয়াও ঈমান পোষণ কৰাৰ তাওফীক নাপায়।

• حال أعداء الرسل واحد، فهم دائما يصفون الهدى بالسحر أو الكذب.
সকলো ৰাছুলৰ শত্ৰুৰ অৱস্থা একেই আছিল। সিহঁত সদায় হিদায়তক যাদু বুলি কৈছিল নাইবা মিছা বুলি কৈছিল।

• إن الساحر لا يفلح أبدًا.
নিশ্চয় যাদুকৰ কেতিয়াও সফল নহয়।

 
மொழிபெயர்ப்பு வசனம்: (75) அத்தியாயம்: யூனுஸ்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக