Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (24) அத்தியாயம்: ஹூத்
مَثَلُ الْفَرِیْقَیْنِ كَالْاَعْمٰی وَالْاَصَمِّ وَالْبَصِیْرِ وَالسَّمِیْعِ ؕ— هَلْ یَسْتَوِیٰنِ مَثَلًا ؕ— اَفَلَا تَذَكَّرُوْنَ ۟۠
কাফিৰ আৰু মুমিন, উভয় দলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- অন্ধ ব্যক্তিয়ে যিদৰে দেখিব নোৱাৰে আৰু কলাই যিদৰে শুনিব নোৱাৰে, ঠিক সেইদৰে কাফিৰসকলে সত্যক স্বীকাৰ তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে, আনকি উপকৃত হোৱাৰ উদ্দেশ্যেও নেদেখে। পক্ষান্তাৰে মুমিনসকলৰ উদাহৰণ হৈছে, এনেকুৱা ব্যক্তিৰ নিচিনা যিয়ে শুনিব পাৰে আৰু দেখিবও পাৰে। অৰ্থাৎ তেওঁলোকৰ মাজত দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা আছে। এতেকে এই দুটা দলৰ বৈশিষ্ট্য আৰু অৱস্থা সমান হ'ব পাৰেনে? জানি থোৱা! এই দুয়োটা দল কেতিয়াও সমান হ'ব নোৱাৰে। তোমালোকে এই দুয়ো দলৰ বৈষম্যৰ পৰা কিবা শিক্ষা পালানে?
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• الكافر لا ينتفع بسمعه وبصره انتفاعًا يقود للإيمان، فهما كالمُنْتَفِيَين عنه بخلاف المؤمن.
কাফিৰসকলে নিজৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰে ঈমানৰ পথ অনুসন্ধানত উপকৃত নহয়। এনেকুৱা লাগে যেনিবা এই দুটা শক্তি সিহঁতৰ ওচৰত নাই। পক্ষান্তৰে মুমিনসকলৰ বিষয়টো ইয়াৰ বিপৰীত।

• سُنَّة الله في أتباع الرسل أنهم الفقراء والضعفاء لخلوِّهم من الكِبْر، وخُصُومهم الأشراف والرؤساء.
ৰাছুলসকলৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়ম হৈছে এনেকুৱা যে, তেওঁলোক সচৰাচৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক লোক হয়। কাৰণ তেওঁলোকৰ মাজত অহংকাৰ তথা অভিমান নাথাকে। আনহাতে বিপৰীত শাৰীত অৱস্থান কৰে গণ্যমান্য আৰু প্ৰমূখ নেতাসকল।

• تكبُّر الأشراف والرؤساء واحتقارهم لمن دونهم في غالب الأحيان.
সাধাৰণতে গণ্যমান্য আৰু প্ৰমূখসকলে সদায় নিজতকৈ নিম্ন শ্ৰেণীৰ লোকসকলক ঘৃণা কৰে।

 
மொழிபெயர்ப்பு வசனம்: (24) அத்தியாயம்: ஹூத்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக