Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (140) அத்தியாயம்: அல்பகரா
اَمْ تَقُوْلُوْنَ اِنَّ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطَ كَانُوْا هُوْدًا اَوْ نَصٰرٰی ؕ— قُلْ ءَاَنْتُمْ اَعْلَمُ اَمِ اللّٰهُ ؕ— وَمَنْ اَظْلَمُ مِمَّنْ كَتَمَ شَهَادَةً عِنْدَهٗ مِنَ اللّٰهِ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
হে আহলে কিতাব! তোমালোকে এইটো কোৱা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁলোকৰ বংশধৰ সকলৰ আন আন নবীসকল ইয়াহুদী অথবা খৃষ্টান আছিল? হে নবী! সিহঁতক উত্তৰ দি কওঁক, তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে? যদি সিহঁতে এইটো ভাৱে যে, সকলো নবী সিহঁতৰ ধৰ্মৰ অনুসাৰী আছিল তেন্তে সিহঁত মিছলীয়া। কিয়নো তেওঁলোকৰ মৃত্যু তাওৰাত আৰু ইঞ্জীল অৱতীৰ্ণ হোৱাৰ আগতেই হৈছিল। ইয়াৰ দ্বাৰা বুজা গল যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰিছিল। আৰু সিহঁতে সেই সত্য গোপন কৰিছিল যিটো সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছিল। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোন হব পাৰে যিয়ে নিজৰ ওচৰত থকা আল্লাহৰ প্ৰমাণিত সাক্ষী গোপন কৰে। যেনে- আহলে কিতাবসকলে কৰিছিল। আল্লাহে তোমালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয় আৰু তেওঁ নিশ্চয় ইয়াৰ প্ৰতিদান দিব।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• أن دعوى أهل الكتاب أنهم على الحق لا تنفعهم وهم يكفرون بما أنزل الله على نبيه محمد صلى الله عليه وسلم.
আহলে কিতাবসকলে ভাৱে যে, সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ এই দাবী ফলপ্ৰসূ নহব।

• سُمِّي الدين صبغة لظهور أعماله وسَمْته على المسلم كما يظهر أثر الصبغ في الثوب.
দ্বীনক ৰং বুলি কোৱা হৈছে। কিয়নো ইয়াৰ কৰ্ম আৰু চিহ্ন মুছলিমৰ ওপৰত সেইদৰেই স্পষ্ট হয় যিদৰে কাপোৰৰ ওপৰত ৰং স্পষ্ট হয়।

• أن الله تعالى قد رَكَزَ في فطرةِ خلقه جميعًا الإقرارَ بربوبيته وألوهيته، وإنما يضلهم عنها الشيطان وأعوانه.
আল্লাহে তেওঁৰ প্ৰভূত্ব আৰু উপাস্যৰ স্বীকৃতি সৃষ্টিৰ স্বভাৱগত নীতিত নিহিত কৰি ৰাখিছে। কিন্তু সিহঁতক চয়তানে আৰু তাৰ সহযোগীসকলেহে পথভ্ৰষ্ট কৰে।

 
மொழிபெயர்ப்பு வசனம்: (140) அத்தியாயம்: அல்பகரா
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக