அல்குர்ஆன் மொழிபெயர்ப்பு - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (93) அத்தியாயம்: ஸூரா ஆலஇம்ரான்
كُلُّ الطَّعَامِ كَانَ حِلًّا لِّبَنِیْۤ اِسْرَآءِیْلَ اِلَّا مَا حَرَّمَ اِسْرَآءِیْلُ عَلٰی نَفْسِهٖ مِنْ قَبْلِ اَنْ تُنَزَّلَ التَّوْرٰىةُ ؕ— قُلْ فَاْتُوْا بِالتَّوْرٰىةِ فَاتْلُوْهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
সকলো ধৰণৰ পৱিত্ৰ খাদ্য বনী ইছৰাঈলৰ বাবে হালাল আছিল। ইয়াৰ মাজৰ একোৱে সিহঁতৰ বাবে হাৰাম নাছিল, কেৱল সেইটোৰ বাহিৰে যিটো ইয়াকূবে তাওৰাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নিজেই নিজৰ ওপৰত হাৰাম কৰি লৈছিল। বিষয়টো তেনেকুৱা নহয় যিদৰে ইয়াহূদীসকলে ধাৰণা কৰে যে, এইবোৰ বস্তু তাওৰাতত হাৰাম কৰা হৈছিল। হে নবী! আপুনি কওঁক, তোমালোকে তাওৰাত আনা গৈ আৰু পাঠ কৰি শুনোৱা, যদি তোমালোকে নিজৰ দাবীত সত্যবাদী। ফলত সিহঁত উত্তৰহীন হৈ পৰিল আৰু তাওৰাত নানিলে। এইটো এটা উদাহৰণ যিটোৱে প্ৰমাণ কৰে যে, ইয়াহুদীসকলে তাওৰাতত মিছা আৰোপ কৰিছিল লগতে ইয়াৰ বিষয় বস্তু বিকৃত কৰিছিল।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• كَذِبُ اليهود على الله تعالى وأنبيائه، ومن كذبهم زعمهم أن تحريم يعقوب عليه السلام لبعض الأطعمة نزلت به التوراة.
ইয়াহূদীসকলৰ আল্লাহৰ প্ৰতি আৰু নবীসকলৰ বিষয়ে মিছা আৰোপ কৰাৰ বৰ্ণনা। সিহঁতৰ এটা মিছা আৰোপ এইটো আছিল যে, সিহঁতে কয়, ইয়াকূব আলাইহিছ ছালামে যিবোৰ খাদ্যবস্তু হাৰাম কৰি লৈছিল, সেইবোৰৰ অবৈধতা তাওৰাতত উল্লেখ আছে।

• أعظم أماكن العبادة وأشرفها البيت الحرام، فهو أول بيت وضع لعبادة الله، وفيه من الخصائص ما ليس في سواه.
সৱাতোকৈ উত্তম আৰু আটাইতকৈ মহান ইবাদতৰ স্থান হৈছে কাবা ঘৰ। এইটোৱে সৰ্বপ্ৰথম ঘৰ যিটো আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা হৈছে। তাত এনেকুৱা কিছুমান বিশেষতা আছে যিবোৰ তাৰ বাহিৰে আন কতো নাই।

• ذَكَرَ الله وجوب الحج بأوكد ألفاظ الوجوب تأكيدًا لوجوبه.
আল্লাহে হজ্জৰ অনিবাৰ্যতাৰ বৰ্ণনা দৃঢ় শব্দৰ জৰিয়তে কৰিছে, যাতে মানুহে গম পায় যে, হজ্জ এটা মহত্বপূৰ্ণ ওৱাজীব।

 
மொழிபெயர்ப்பு வசனம்: (93) அத்தியாயம்: ஸூரா ஆலஇம்ரான்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - மொழிபெயர்ப்பு அட்டவணை

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

மூடுக