Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (59) அத்தியாயம்: அந்நிஸா
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَاُولِی الْاَمْرِ مِنْكُمْ ۚ— فَاِنْ تَنَازَعْتُمْ فِیْ شَیْءٍ فَرُدُّوْهُ اِلَی اللّٰهِ وَالرَّسُوْلِ اِنْ كُنْتُمْ تُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ۟۠
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকি তেওঁলোকৰ আনুগত্য কৰা। তথা শাসকৰ কথা মানি চলা যেতিয়া লৈকে সিহঁতে গুনাহৰ নিৰ্দেশ নিদিয়ে। ইয়াৰ পিছত যদি কোনো বিষয়ত তোমালোকৰ মতবিৰোধ হয় তেন্তে সেই বিষয়ে আল্লাহৰ কিতাপ আৰু ৰাছুলৰ ছুন্নতৰ পিনে শৰণাপন্ন হোৱা, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস কৰা। কোৰআন ছুন্নতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰাটো মতভেদত লিপ্ত থকা তথা কোনো ব্যক্তিগত উক্তিৰ অনুসৰণ কৰাতকৈ উত্তম। লগতে পৰিণামৰ ক্ষেত্ৰতো এয়া উত্তম।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• من أعظم أسباب كفر أهل الكتاب حسدهم المؤمنين على ما أنعم الله به عليهم من النبوة والتمكين في الأرض.
আহলে কিতাবে কুফৰী কৰাৰ এটা ডাঙৰ কাৰণ এই যে, সিহঁতে মুমিনসকলৰ লগত এই কাৰণে ঈৰ্ষা পোষণ কৰে যে, আল্লাহে তেওঁলোকক নবুওৱত আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে।

• الأمر بمكارم الأخلاق من المحافظة على الأمانات، والحكم بالعدل.
উত্তম ব্যৱহাৰৰ আদেশ প্ৰদান কৰা হৈছে, যেনে- আমানত ৰক্ষা কৰা আৰু ন্যায়ৰ সৈতে ফয়চালা কৰা।

• وجوب طاعة ولاة الأمر ما لم يأمروا بمعصية، والرجوع عند التنازع إلى حكم الله ورسوله صلى الله عليه وسلم تحقيقًا لمعنى الإيمان.
গুনাহৰ আদেশ নিদিয়ালৈকে শাসকসকলৰ আদেশ পালন কৰা জৰুৰী। তথা মতানৈক্যৰ সময়ত আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিধানৰ ফালে প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য, যাতে ঈমানৰ দাবী পূৰণ হয়।

 
மொழிபெயர்ப்பு வசனம்: (59) அத்தியாயம்: அந்நிஸா
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக