Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (18) அத்தியாயம்: ஆஃபிர்
وَاَنْذِرْهُمْ یَوْمَ الْاٰزِفَةِ اِذِ الْقُلُوْبُ لَدَی الْحَنَاجِرِ كٰظِمِیْنَ ؕ۬— مَا لِلظّٰلِمِیْنَ مِنْ حَمِیْمٍ وَّلَا شَفِیْعٍ یُّطَاعُ ۟ؕ
হে ৰাছুল! আপুনি ইহঁতক কিয়ামত দিৱস সম্পৰ্কে সতৰ্ক কৰক। নিশ্চয় কিয়ামত নিকটৱৰ্তী, তথা অৱশ্যম্ভাৱী। জানি থোৱা উচিত যে, প্ৰত্যেক আহিবলগীয়া বিষয়েই হৈছে নিকটৱৰ্তী। সেইদিনাৰ পৰিৱেশ ইমান ভয়াৱহ হ’ব যে, কষ্টত মানুহৰ প্ৰাণ কণ্ঠগত হ’ব। সকলোৱে মৌন হৈ থাকিব। কেৱল সেই ব্যক্তিয়ে কথা কোৱাৰ সাহস কৰিব, যাক ৰহমানে কথা কোৱাৰ অনুমতি প্ৰদান কৰিব। যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতৰ কোনো বন্ধুও নাথাকিব আৰু কোনো নিকটৱৰ্তী লোকো নাথাকিব। তথা এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব, যাৰ মধ্যস্ততা গ্ৰহণ কৰা হ’ব।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• التذكير بيوم القيامة من أعظم الروادع عن المعاصي.
কিয়ামতৰ স্মৰণ হৈছে গুনাহৰ পৰা বিৰত থকাৰ প্ৰমুখ উপায়।

• إحاطة علم الله بأعمال عباده؛ خَفِيَّة كانت أم ظاهرة.
আল্লাহৰ জ্ঞানে তেওঁৰ বান্দাসকলৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্ম পৰিবেষ্টন কৰি আছে।

• الأمر بالسير في الأرض للاتعاظ بحال المشركين الذين أهلكوا.
পূৰ্বৱৰ্তী ধ্বংসপ্ৰাপ্ত মুশ্বৰিকসকলৰ অৱস্থাৰ পৰা শিক্ষা লবলৈ পৃথিৱীৰ বুকুত ভ্ৰমণ কৰাৰ আদেশ দিয়া হৈছে।

 
மொழிபெயர்ப்பு வசனம்: (18) அத்தியாயம்: ஆஃபிர்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக