Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (6) அத்தியாயம்: அல்பத்ஹ்
وَّیُعَذِّبَ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْمُشْرِكِیْنَ وَالْمُشْرِكٰتِ الظَّآنِّیْنَ بِاللّٰهِ ظَنَّ السَّوْءِ ؕ— عَلَیْهِمْ دَآىِٕرَةُ السَّوْءِ ۚ— وَغَضِبَ اللّٰهُ عَلَیْهِمْ وَلَعَنَهُمْ وَاَعَدَّ لَهُمْ جَهَنَّمَ ؕ— وَسَآءَتْ مَصِیْرًا ۟
লগতে যাতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলক শাস্তি বিহিব পাৰে আৰু মুশ্বৰিকা পুৰুষ আৰু মুশ্বৰিকা নাৰীসকলক শাস্তি বিহিব পাৰে, লগতে যাতে সেইসকলকো শাস্তি বিহিব পাৰে যিসকলে আল্লাহৰ বিষয়ে ধাৰণা পোষণ কৰে যে, আল্লাহে তেওঁৰ দ্বীনক সহায় নকৰিব আৰু তেওঁৰ বাণীক সুউচ্চ নকৰিব। শাস্তিৰ চক্ৰ সিহঁতৰ পিনেই ঘূৰি আহিব, আৰু আল্লাহে সিহঁতৰ ওপৰত অসন্তুষ্ট হ’ব, কাৰণ সিহঁতে কুফৰী কৰিছে আৰু বেয়া ধাৰণা পোষণ কৰিছে। লগতে তেওঁ সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিব আৰু আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, য’ত প্ৰৱেশ কৰি সিহঁতে চিৰকাল থাকিব। জাহান্নাম হৈছে অতি নিকৃষ্ট ঠাই, য’ত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• صلح الحديبية بداية فتح عظيم على الإسلام والمسلمين.
হুদাইবিয়াৰ সন্ধি দৰাচলতে ইছলাম আৰু মুছলমানৰ বাবে মহা বিজয়ৰ শুভৰাম্ভণি আছিল।

• السكينة أثر من آثار الإيمان تبعث على الطمأنينة والثبات.
প্ৰশান্তি হৈছে ঈমানৰ প্ৰভাৱ, ইয়াৰ ফলত মানুহে শান্তি আৰু দৃঢ়তা লাভ কৰে।

• خطر ظن السوء بالله، فإن الله يعامل الناس حسب ظنهم به سبحانه.
আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাৰ ভয়াৱহতা। কাৰণ আল্লাহে মানুহৰ সৈতে সেই আচৰণেই কৰে যিটো সিহঁতে আল্লাহৰ বিষয়ে পোষণ কৰে।

• وجوب تعظيم وتوقير رسول الله صلى الله عليه وسلم.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান তথা সমাদৰ কৰা অনিবাৰ্য।

 
மொழிபெயர்ப்பு வசனம்: (6) அத்தியாயம்: அல்பத்ஹ்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக