Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (78) அத்தியாயம்: அல்மாயிதா
لُعِنَ الَّذِیْنَ كَفَرُوْا مِنْ بَنِیْۤ اِسْرَآءِیْلَ عَلٰی لِسَانِ دَاوٗدَ وَعِیْسَی ابْنِ مَرْیَمَ ؕ— ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟
আল্লাহে জনাইছে যে, তেওঁ নবী ইছৰাঈলৰ কাফিৰসকলক তেওঁৰ কৃপাৰ পৰা বঞ্চিত কৰিছিল। ইয়াৰ বিৱৰণ যাবূৰ পুথিত আছে, যিটো দাঊদ আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু ইঞ্জীলতো আছে, যিটো ঈছা আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল। সিহঁতক কৃপাৰ পৰা এই কাৰণে বঞ্চিত কৰা হৈছিল যে, সিহঁতে পাপ কৰিছিল আৰু আল্লাহৰ হাৰাম বস্তুৰ ওচৰলৈ যাওঁতে দ্বিধাবোধ কৰা নাছিল।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• ترك الأمر بالمعروف والنهي عن المنكر موجب لِلَّعْنِ والطرد من رحمة الله تعالى.
সত্কৰ্মৰ আদেশ নিদিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ নকৰা, আল্লাহৰ অভিশাপ তথা তেওঁৰ কৃপাৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ।

• من علامات الإيمان: الحب في الله والبغض في الله.
ঈমানৰ এটা প্ৰতীক এই যে, কেৱল আল্লাহৰ বাবেই কাৰোবাৰ লগত বন্ধুত্ব কৰা আৰু কাৰোবাৰ লগত বিদ্বেষ পোষণ কৰা।

• موالاة أعداء الله توجب غضب الله عز وجل على فاعلها.
যিয়ে আল্লাহৰ শত্ৰুৰ লগত বন্ধুত্ব কৰে, সি আল্লাহৰ ক্ৰোধৰ হকদাৰ হয়।

• شدة عداوة اليهود والمشركين لأهل الإسلام، وفي المقابل وجود طوائف من النصارى يدينون بالمودة للإسلام؛ لعلمهم أنه دين الحق.
ইয়াহুদী তথা মুশ্বৰিকসকলে মুছলিমসকলৰ লগত বৰ শত্ৰুতা পোষণ কৰে, আনহাতে খৃষ্টানসকলৰ কিছুমান এনেকুৱা ফিৰ্কা আছে, যিসকলে ইছলামৰ লগত আন্তৰিকতা পোষণ কৰে, কাৰণ তেওঁলোকে জানে যে, এইটো সত্য ধৰ্ম।

 
மொழிபெயர்ப்பு வசனம்: (78) அத்தியாயம்: அல்மாயிதா
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக