Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு அத்தியாயம்: அல்ஹதீத்   வசனம்:

আল-হাদীদ

சூராவின் இலக்குகளில் சில:
الترقي بالنفوس للإيمان والإنفاق في سبيل الله.
ঈমানৰ বাবে আত্মাক উন্নত কৰি তোলা আৰু আল্লাহৰ পথত ব্যয় কৰা।

سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা আল্লাহৰ সকলো সৃষ্টিৰ মাজৰ পৰাই তেওঁৰ পৱিত্রতা আৰু মাহত্ম্য বৰ্ণনা কৰে। তেৱেঁই সেই মহাপৰাক্রমশালী যাক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
அரபு விரிவுரைகள்:
لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— یُحْیٖ وَیُمِیْتُ ۚ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে কেৱল তেওঁৰেই। তেৱেঁই যাক ইচ্ছা কৰে জীৱিত ৰাখে, আৰু যাক মৃত্যু প্ৰদান কৰিব বিচাৰে, তাক মৃত্যু প্ৰদান কৰে। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান; একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।
அரபு விரிவுரைகள்:
هُوَ الْاَوَّلُ وَالْاٰخِرُ وَالظَّاهِرُ وَالْبَاطِنُ ۚ— وَهُوَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
তেৱেঁই প্ৰথম; তেওঁৰ পূৰ্বে একো নাছিল। তেৱেঁই সৰ্বশেষ; তেওঁৰ পিছত একো নাথাকিব। তেৱেঁই প্ৰকাশ্য; তেওঁৰ ঊর্ধ্বত কোনো নাই। তেৱেঁই অপ্ৰকাশ্য; তেওঁতকৈ ওচৰত আন কোনো নাই। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ; তেওঁৰ আয়ত্বৰ বাহিৰত একো নাই।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• شدة سكرات الموت وعجز الإنسان عن دفعها.
মৃত্যুৰ যন্ত্রনা অতি কষ্টদায়ক, ইয়াক প্ৰতিহত কৰিবলৈ মানুহ অপাৰগ।

• الأصل أن البشر لا يرون الملائكة إلا إن أراد الله لحكمة.
প্ৰকৃততে মানুহে ফিৰিস্তাসকলক দেখিব নোৱাৰে। কিন্তু কোনো কাৰণবশতঃ যদি আল্লাহে ইচ্ছা কৰে তেন্তে এয়া সম্ভৱ।

• أسماء الله (الأول، الآخر، الظاهر، الباطن) تقتضي تعظيم الله ومراقبته في الأعمال الظاهرة والباطنة.
আল্লাহৰ এই নামবোৰে (আল-আওৱাল, আল-আখিৰ, আজ্জাহিৰ, আল-বাতিন) আল্লাহৰ যথোচিত সন্মান দাবী কৰে, লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্মতে তেওঁক স্মৰণ ৰখাৰ প্ৰমাণ বহন কৰে।

 
மொழிபெயர்ப்பு அத்தியாயம்: அல்ஹதீத்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக