Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (13) سۈرە: نەھل
وَمَا ذَرَاَ لَكُمْ فِی الْاَرْضِ مُخْتَلِفًا اَلْوَانُهٗ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّذَّكَّرُوْنَ ۟
আল্লাহে পৃথিৱীত সৃষ্টি কৰা বিভিন্ন ৰঙৰ ধাতু, জীৱ-জন্তু, গছ-গছনি আৰু ফচলক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। নিশ্চয় এইবোৰৰ সৃষ্টি আৰু নিয়োগত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ আছে, যিসকলে এইবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰে, আৰু তেওঁলোকে জানে যে, নিশ্চয় আল্লাহ ক্ষমতাৱান আৰু উপকাৰকাৰী।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• من عظمة الله أنه يخلق ما لا يعلمه جميع البشر في كل حين يريد سبحانه.
আল্লাহৰ মহানতাৰ প্ৰমাণসমূহৰ মাজত অন্যতম এটা হৈছে এই যে, তেওঁ সকলো সময়তে কিবা নহয় কিবা সৃষ্টি কৰে যিবোৰ বিষয়ে সকলোৱে নাজানে।

• خلق الله النجوم لزينة السماء، والهداية في ظلمات البر والبحر، ومعرفة الأوقات وحساب الأزمنة.
আল্লাহে তৰাসমূহক আকাশৰ সৌন্দৰ্যৰ বাবে আৰু জল-স্থলত অন্ধকাৰৰ সময়ত পথ অৱগত হোৱাৰ বাবে, লগতে সময় জনাৰ বাবে আৰু হিচাপ কৰাৰ বাবে সৃষ্টি কৰিছে।

• الثناء والشكر على الله الذي أنعم علينا بما يصلح حياتنا ويعيننا على أفضل معيشة.
প্ৰশংসা আৰু কৃতজ্ঞতা আল্লাহৰ বাবে এই কাৰণে যে, তেওঁ আমাক এনেকুৱা বস্তু দান কৰিছে যিবোৰৰ দ্বাৰা আমাৰ জীৱন সুখদায়ক হৈ উঠে।

• الله سبحانه أنعم علينا بتسخير البحر لتناول اللحوم (الأسماك)، واستخراج اللؤلؤ والمرجان، وللركوب، والتجارة، وغير ذلك من المصالح والمنافع.
আল্লাহে সাগৰক আমাৰ সেৱাত নিয়োজিত কৰি বৰ উপকাৰ কৰিছে, যাতে আমি মাছ চিকাৰ কৰি ভক্ষণ কৰিব পাৰোঁ। তাৰ পৰা মুকুতা উলিয়াব পাৰোঁ, সাগৰ পথেৰে ভ্ৰমণ কৰিব পাৰোঁ, ব্যৱসায় আদিৰ পৰা আৰম্ভ কৰি অন্যান্য উপকাৰবোৰ সাধন কৰিব পাৰোঁ।

 
مەنالار تەرجىمىسى ئايەت: (13) سۈرە: نەھل
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش