Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (212) سۈرە: بەقەرە
زُیِّنَ لِلَّذِیْنَ كَفَرُوا الْحَیٰوةُ الدُّنْیَا وَیَسْخَرُوْنَ مِنَ الَّذِیْنَ اٰمَنُوْا ۘ— وَالَّذِیْنَ اتَّقَوْا فَوْقَهُمْ یَوْمَ الْقِیٰمَةِ ؕ— وَاللّٰهُ یَرْزُقُ مَنْ یَّشَآءُ بِغَیْرِ حِسَابٍ ۟
আল্লাহক অস্বীকাৰকাৰী সকলৰ বাবে পাৰ্থিৱ জীৱন আৰু ইয়াৰ অস্থায়ী উপকৰণসমূহক লগতে অচিৰে সমাপ্ত হবলগীয়া আনন্দদায়ক বস্তুবোৰক সুসজ্জিত কৰি দিয়া হৈছে। সিহঁতে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণকাৰী লোকসকলৰ লগত ঠাট্টা-বিদ্ৰূপ কৰে। অথচ যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰত থাকি কেৱল আল্লাহকেই ভয় কৰে, তেওঁলোকে আখিৰাতত এইসকল কাফিৰৰ ওপৰত প্ৰাধান্য পাব। আল্লাহে তেওঁলোকক চিৰস্থায়ী জান্নাতত ঠাই দিব। আৰু আল্লাহে তেওঁৰ সৃষ্টিৰ মাজত যাক ইচ্ছা কৰে তাক অসংখ্য অগণন প্ৰদান কৰে।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• ترك شكر الله تعالى على نعمه وترك استعمالها في طاعته يعرضها للزوال ويحيلها بلاءً على صاحبها.
আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন নকৰা আৰু সেই নিয়ামতবোৰক আল্লাহৰ আনুগত্যত ব্যৱহাৰ নকৰাৰ কাৰণে তাক ধ্বংসৰ পিনে লৈ যায়। আৰু সেই নিয়ামত মানুহৰ বাবে পৰীক্ষা হৈ যায়।

• الأصل أن الله خلق عباده على فطرة التوحيد والإيمان به، وإبليس وأعوانه هم الذين صرفوهم عن هذه الفطرة إلى الشرك به.
দৰাচলতে আল্লাহে তেওঁৰ বান্দাসকলক স্বভাৱগত ভাৱে তাওহীদ আৰু ঈমানৰ সৈতে সৃষ্টি কৰিছে। কিন্তু ইবলীচ আৰু তাৰ সহযোগীসকলে সিহঁতক ইয়াৰ পৰা আঁতৰাই শ্বিৰ্কৰ পিনে লৈ যায়।

• أعظم الخذلان الذي يؤدي للفشل أن تختلف الأمة في كتابها وشريعتها، فيكفّر بعضُها بعضًا، ويلعن بعضُها بعضًا.
আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত, যিয়ে উম্মতক অসফলতাৰ পিনে লৈ যায় সেইটো হৈছে, মানুহে নিজৰ পুথি আৰু চৰীয়ত সম্পৰ্কে মতানৈক্যত লিপ্ত হোৱা। ইজনে সিজনক কাফিৰ আখ্যা দিয়া আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰা।

• الهداية للحق الذي يختلف فيه الناس، ومعرفة وجه الصواب بيد الله، ويُطلب منه تعالى بالإيمان به والانقياد له.
যিবোৰ বিষয়ত মানুহে মতানৈক্য কৰিছে, তেনে বিষয়ত সত্যৰ সন্ধান দিয়া আৰু সত্য অৱগত কৰোৱাৰ দায়িত্ব আল্লাহৰ। সেয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি লগতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰি হিদায়ত কামনা কৰা উচিত।

• الابتلاء سُنَّة الله تعالى في أوليائه، فيبتليهم بقدر ما في قلوبهم من الإيمان به والتوكل عليه.
আল্লাহে সদায় তেওঁৰ প্ৰিয় বান্দাক পৰীক্ষা কৰে। আল্লাহৰ প্ৰতি ঈমান আৰু ভৰসাৰ অনুপাতে আল্লাহে বান্দাক পৰীক্ষা কৰে।

• من أعظم ما يعين على الصبر عند نزول البلاء، الاقتداء بالصالحين وأخذ الأسوة منهم.
পৰীক্ষা বা বিপদ-আপদৰ সময়ত ধৈৰ্য ধৰিবলৈ যিটো বস্তু আটাইতকৈ বেছি প্ৰেৰণা যোগায় সেয়া হৈছে, আল্লাহৰ নেক বান্দাসকলৰ অনুসৰণ আৰু তেওঁলোকৰ আদৰ্শ গ্ৰহণ।

 
مەنالار تەرجىمىسى ئايەت: (212) سۈرە: بەقەرە
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش