قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
67 : 22

لِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوْهُ فَلَا یُنَازِعُنَّكَ فِی الْاَمْرِ وَادْعُ اِلٰی رَبِّكَ ؕ— اِنَّكَ لَعَلٰی هُدًی مُّسْتَقِیْمٍ ۟

প্ৰত্যেক উম্মতকে আমি এটা চৰীয়ত প্ৰদান কৰিছিলোঁ, সিহঁতে নিজ নিজ চৰীয়ত মুতাবিক আমল কৰিছিল। গতিকে হে ৰাছুল! মুশ্বৰিকসকলে আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলে আপোনাৰ চৰীয়তকলৈ বাদানুবাদ কৰা উচিত নহয়। কিয়নো আপুনি সিহঁতৰ তুলনাত সত্যৰ অধিক নিকটৱৰ্তী, কাৰণ সিহঁত হৈছে বাতিল পন্থী। আপুনি মানুহক নিৰ্ভেজাল তাওহীদৰ পিনে আহ্বান কৰক। নিশ্চয় আপুনি সঠিক পথত পৰিচালিত, য’ত কোনো ধৰণৰ বক্ৰতা নাই। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• من نعم الله على الناس تسخير ما في السماوات وما في الأرض لهم.
এইটো আল্লাহৰ এটা ডাঙৰ নিয়ামত যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুবোৰক মানুহৰ বাবে নিয়োজিত কৰিছে। info

• إثبات صفتي الرأفة والرحمة لله تعالى.
কৰুণা আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• إحاطة علم الله بما في السماوات والأرض وما بينهما.
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোবোৰকে আল্লাহে নিজ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি আছে। info

• التقليد الأعمى هو سبب تمسك المشركين بشركهم بالله.
অন্ধানুসৰণৰ ফলতেই মুশ্বৰিকসকলে আল্লাহৰ লগত শ্বিৰ্কত লিপ্ত হৈ আছে। info