قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
20 : 28

وَجَآءَ رَجُلٌ مِّنْ اَقْصَا الْمَدِیْنَةِ یَسْعٰی ؗ— قَالَ یٰمُوْسٰۤی اِنَّ الْمَلَاَ یَاْتَمِرُوْنَ بِكَ لِیَقْتُلُوْكَ فَاخْرُجْ اِنِّیْ لَكَ مِنَ النّٰصِحِیْنَ ۟

যেতিয়া এই খবৰ চাৰিওফালে প্ৰচাৰ হৈ গ’ল, তেতিয়া নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি মুছাৰ শুভাকাংক্ষী হৈ তেওঁৰ ওচৰত দৌৰি আহিল, যাতে মুছা আলাইহিচ্ছালাম কোনো অনিষ্টৰ সন্মুখীন নহয়। সেই ব্যক্তিজন আহি ক’লেঃ হে মুছা! ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে আপোনাক প্ৰাণে মৰাৰ পৰামৰ্শ কৰি আছে। গতিকে আপুনি নগৰৰ পৰা আঁতৰি যাওক। নিশ্চয় মই আপোনাৰ শুভাকাংক্ষী। আপোনাক সিহঁতে কৰায়ত্ব কৰি যাতে হত্যা কৰিব নোৱাৰে সেইকাৰণেই মোৰ এই প্ৰয়াস। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الاعتراف بالذنب من آداب الدعاء.
অপৰাধ স্বীকাৰ কৰাটো হৈছে দুআ কৰাৰ অন্যতম শিষ্টাচাৰ। info

• الشكر المحمود هو ما يحمل العبد على طاعة ربه، والبعد عن معصيته.
ইতিবাচক কৃতজ্ঞতা হৈছে সেইটো, যি কৃতজ্ঞতাই বান্দাক নিজ প্ৰতিপালকৰ আনুগত্য পালনত তথা পাপকৰ্মৰ পৰা আঁতৰি থকাত সহায় কৰে। info

• أهمية المبادرة إلى النصح خاصة إذا ترتب عليه إنقاذ مؤمن من الهلاك.
কাৰোবাৰ শুভকামনা কৰিলে সোনকালে কৰাৰ গুৰুত্ব। বিশেষকৈ কোনো মুমিনক বিনাশৰ পৰা ৰক্ষা কৰাৰ সময়ত। info

• وجوب اتخاذ أسباب النجاة، والالتجاء إلى الله بالدعاء.
আত্মৰক্ষাৰ উপায় অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰাটোও অতি আৱশ্যক। info