قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
33 : 36

وَاٰیَةٌ لَّهُمُ الْاَرْضُ الْمَیْتَةُ ۖۚ— اَحْیَیْنٰهَا وَاَخْرَجْنَا مِنْهَا حَبًّا فَمِنْهُ یَاْكُلُوْنَ ۟

আখিৰাতৰ জীৱন সত্য, ইয়াক অস্বীকাৰ কৰা লোকসকলৰ বাবে এই মৃত শুকান ভূমি হৈছে এটা প্ৰমাণ, য’ত আমি বৰষুণৰ পানী অৱতীৰ্ণ কৰি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ, লগতে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰোঁ যিবোৰ মানুহে ভক্ষণ কৰে। এতেকে যি সত্তাই বৰষুণৰ পানী অৱতীৰ্ণ কৰি শুকান ভূমিক জীৱিত কৰে তথা উদ্ভিদ আদি উৎপন্ন কৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ তথা পুনৰুত্থান কৰিবলৈ সক্ষম। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• ما أهون الخلق على الله إذا عصوه، وما أكرمهم عليه إن أطاعوه.
বান্দাই যদি আল্লাহৰ অবাধ্যতা কৰে তেন্তে আল্লাহৰ দৃষ্টিত বান্দা তুচ্ছ হৈ পৰে। আনহাতে যদি তেওঁৰ আনুগত্য কৰে তেন্তে তেওঁৰ দৃষ্টিত সন্মানিত হৈ পৰে। info

• من الأدلة على البعث إحياء الأرض الهامدة بالنبات الأخضر، وإخراج الحَبِّ منه.
আখিৰাতৰ জীৱনৰ অন্যতম এটা প্ৰমাণ হৈছে মৃত ভূমিক জীৱিত কৰি তাত সেউজীয়া উদ্ভিদ সৃষ্টি কৰা, তথা সেইবোৰৰ পৰা শস্য আদি উৎপন্ন কৰা। info

• من أدلة التوحيد: خلق المخلوقات في السماء والأرض وتسييرها بقدر.
আকাশ আৰু পৃথিৱীত মখলুক সৃষ্টি কৰা তথা সেইবোৰক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা আদি, এই সকলোবোৰ হৈছে তাওহীদৰ প্ৰমাণ। info