Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (102) سۈرە: ساپپات
فَلَمَّا بَلَغَ مَعَهُ السَّعْیَ قَالَ یٰبُنَیَّ اِنِّیْۤ اَرٰی فِی الْمَنَامِ اَنِّیْۤ اَذْبَحُكَ فَانْظُرْ مَاذَا تَرٰی ؕ— قَالَ یٰۤاَبَتِ افْعَلْ مَا تُؤْمَرُ ؗ— سَتَجِدُنِیْۤ اِنْ شَآءَ اللّٰهُ مِنَ الصّٰبِرِیْنَ ۟
ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰ অন্তৰ্ভুক্ত পাব।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• من مظاهر الإنعام على نوح: نجاة نوح ومن آمن معه، وجعل ذريته أصول البشر والأعراق والأجناس، وإبقاء الذكر الجميل والثناء الحسن.
নূহ আলাইহিচ্ছালামৰ ওপৰত আল্লাহে যিবোৰ উপকাৰ কৰিছিল, সেইবোৰৰ কিছুমান হৈছে এনেধৰণৰঃ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁ ৰক্ষা কৰিছিল। তেওঁৰ বংশধৰসকলক সকলো বৰ্গৰ মানুহৰ মূল বনাইছিল। লগতে তেওঁলোকৰ ভাল চৰ্চা আৰু প্ৰশংসা পৰৱৰ্তী প্ৰজন্মৰ মাজত যুগমীয়া কৰি ৰাখিছে।

• أفعال الإنسان يخلقها الله ويفعلها العبد باختياره.
বান্দাৰ কৰ্মৰ সৃষ্টিকৰ্তা হৈছে আল্লাহ তাআলা, কিন্তু বান্দাই নিজ ইচ্ছামতে সেই কৰ্ম সম্পাদন কৰে।

• الذبيح بحسب دلالة هذه الآيات وترتيبها هو إسماعيل عليه السلام؛ لأنه هو المُبَشَّر به أولًا، وأما إسحاق عليه السلام فبُشِّر به بعد إسماعيل عليه السلام.
এই আয়াতবোৰে আৰু ইয়াৰ শৃঙ্খলাবদ্ধতাই প্ৰমাণ কৰে যে, ইছমাঈল আলাইহিচ্ছালামকহে কুৰবানী কৰাৰ বাবে লৈ যোৱা হৈছিল। কিয়নো প্ৰথম সুসংবাদ তেওঁৰ বিষয়েই দিয়া হৈছিল। আনহাতে ইছহাক্ব আলাইহিচ্ছালামৰ সুসংবাদ ইছমাঈল আলাইহিচ্ছালামৰ পিছত দিয়া হৈছিল।

• قول إسماعيل: ﴿سَتَجِدُنِي إِن شَآءَ اْللهُ مِنَ اْلصَّابِرِينَ﴾ سبب لتوفيق الله له بالصبر؛ لأنه جعل الأمر لله.
ইছমাঈল আলাইহিচ্ছালামে আল্লাহৰ ফালৰ পৰা ধৈৰ্য্য ধাৰণ কৰাৰ তাওফীক লাভ কৰিছিল। সেইকাৰণেই তেওঁ কৈছিলঃ নিশ্চয় আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব। কিয়নো তেওঁ গোটেই বিষয়টোক আল্লাহৰ ওপৰত অৰ্পন কৰিছিল।

 
مەنالار تەرجىمىسى ئايەت: (102) سۈرە: ساپپات
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش