قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
16 : 47

وَمِنْهُمْ مَّنْ یَّسْتَمِعُ اِلَیْكَ ۚ— حَتّٰۤی اِذَا خَرَجُوْا مِنْ عِنْدِكَ قَالُوْا لِلَّذِیْنَ اُوْتُوا الْعِلْمَ مَاذَا قَالَ اٰنِفًا ۫— اُولٰٓىِٕكَ الَّذِیْنَ طَبَعَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَاتَّبَعُوْۤا اَهْوَآءَهُمْ ۟

হে ৰাছুল! মুনাফিকসকলৰ মাজৰ কিছুমানে আপোনাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু সত্য গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং ইয়াৰ পৰা বিমুখ হোৱাটোহে সিহঁতৰ মূল উদ্দেশ্য। সিহঁতে যেতিয়া আপোনাৰ বৈঠকৰ পৰা ওলাই যায় তেতিয়া সিহঁতে সেইসকল লোকক যিসকলক আল্লাহে জ্ঞান দান কৰিছে, নজনাৰ ভাও ধৰি আৰু ভ্ৰূক্ষেপ নকৰাকৈ এইদৰে সোধেঃ “এইমাত্ৰ তেওঁ কি আলোচনা কৰিলে?” জানি থোৱা! এনেকুৱা লোকৰ অন্তৰতেই আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণে সিহঁতৰ অন্তৰত কোনো কল্যাণকৰ কথা প্ৰৱেশ নকৰে। সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ অনুসৰণ কৰি আছে, আৰু এইটোৱেই সিহঁতক সত্যৰ পৰা অন্ধ কৰি পেলাইছে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• اقتصار همّ الكافر على التمتع في الدنيا بالمتع الزائلة.
কাফিৰসকলৰ সকলো প্ৰয়াস পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী বস্তুৰ উপভোগ লৈকেই সীমিত। info

• المقابلة بين جزاء المؤمنين وجزاء الكافرين تبيّن الفرق الشاسع بينهما؛ ليختار العاقل أن يكون مؤمنًا، ويختار الأحمق أن يكون كافرًا.
মুমিনসকলৰ প্ৰতিদান আৰু কাফিৰসকলৰ প্ৰতিদানৰ মাজত মহা পাৰ্থক্য স্পষ্ট কৰি দিয়া হৈছে, যাতে বুদ্ধিমান ব্যক্তিয়ে মুমিনসকলৰ পথ অৱলম্বন কৰে আৰু বুৰ্বক ব্যক্তিয়ে কাফিৰসকলৰ পথ গ্ৰহণ কৰে। info

• بيان سوء أدب المنافقين مع رسول الله صلى الله عليه وسلم.
মুনাফিকসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বৰ্ণনা। info

• العلم قبل القول والعمل.
কিবা কোৱা আৰু কোনো কৰ্ম কৰাৰ আগত শিকি লোৱা অনিবাৰ্য। info