قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
34 : 47

اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ ثُمَّ مَاتُوْا وَهُمْ كُفَّارٌ فَلَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ۟

নিশ্চয় যিসকলে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে নিজকে আৰু মানুহকো আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে আৰু তাওবা নকৰাকৈ কুফৰীৰ ওপৰতেই মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতৰ গুনাহবোৰ কেতিয়াও ক্ষমা নকৰিব, বৰং ইয়াৰ বাবে সিহঁতক জবাবদিহি কৰিব। তথা সিহঁতক জাহান্নামত প্ৰৱেশ কৰাব, য’ত সিহঁতে চিৰকাল থাকিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• سرائر المنافقين وخبثهم يظهر على قسمات وجوههم وأسلوب كلامهم.
মুনাফিকসকলৰ অন্তৰৰ ভেদ, সিহঁতৰ চেহেৰা আৰু কথা কোৱাৰ ভঙ্গিমাতেই স্পষ্ট হৈ পৰে। info

• الاختبار سُنَّة إلهية لتمييز المؤمنين من المنافقين.
মুমিন আৰু মুনাফিকৰ মাজত পাৰ্থক্য কৰিবলৈ আল্লাহে পূৰ্বৰে পৰা পৰীক্ষা কৰি আহিছে। info

• تأييد الله لعباده المؤمنين بالنصر والتسديد.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায়-সহযোগিতা আৰু সঠিক পথত পৰিচালিত কৰি পূৰ্ণ সমৰ্থন কৰে। info

• من رفق الله بعباده أنه لا يطلب منهم إنفاق كل أموالهم في سبيل الله.
বান্দাৰ প্ৰতি আল্লাহৰ এইটো অনুগ্ৰহ যে, তেওঁ সিহঁতক সিহঁতৰ গোটেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা নাই। info