Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (5) سۈرە: مائىدە
اَلْیَوْمَ اُحِلَّ لَكُمُ الطَّیِّبٰتُ ؕ— وَطَعَامُ الَّذِیْنَ اُوْتُوا الْكِتٰبَ حِلٌّ لَّكُمْ ۪— وَطَعَامُكُمْ حِلٌّ لَّهُمْ ؗ— وَالْمُحْصَنٰتُ مِنَ الْمُؤْمِنٰتِ وَالْمُحْصَنٰتُ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ اِذَاۤ اٰتَیْتُمُوْهُنَّ اُجُوْرَهُنَّ مُحْصِنِیْنَ غَیْرَ مُسٰفِحِیْنَ وَلَا مُتَّخِذِیْۤ اَخْدَانٍ ؕ— وَمَنْ یَّكْفُرْ بِالْاِیْمَانِ فَقَدْ حَبِطَ عَمَلُهٗ ؗ— وَهُوَ فِی الْاٰخِرَةِ مِنَ الْخٰسِرِیْنَ ۟۠
আজি আল্লাহে তোমালোকৰ বাবে স্বচ্ছ খোৱা বস্তু লগতে ইয়াহুদী আৰু খৃষ্টানসকলে জবেহ কৰা জন্তুৰ মাংসও হালাল কৰি দিছে। আৰু তোমালোকে জবেহ কৰা জন্তুও সিহঁতৰ বাবে হালাল। লগতে স্বাধীন পৱিত্ৰ মুমিনা নাৰী আৰু তোমালোকৰ পূৰ্বে পুথি প্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকলৰ নাৰীক তোমালোকৰ বাবে বিবাহ কৰা হালাল কৰা হৈছে, কিন্তু চৰ্ত হৈছে মোহৰ (বিবাহৰ সময়ত কইনাক দিবলগীয়া ধন) আদায় দিব লাগিব, আৰু তোমালোকৰ উদ্দেশ্য হব লাগিব অসৎ কৰ্মৰ পৰা ৰক্ষা পোৱা, আনহাতে ব্যভিচাৰ কৰাৰ বাবে প্ৰেমিকা বনোৱাৰ উদ্দেশ্যে যাতে নহয়। এতেকে যিয়ে বান্দাৰ প্ৰতি দিয়া আল্লাহৰ বিধানক অস্বীকাৰ কৰিব, তাৰ সকলো আমল বিনষ্ট হৈ যাব চৰ্ত পুৰণ নোহোৱাৰ কাৰণে, আৰু সেই চৰ্তটো হৈছে ঈমান। তথা কিয়ামতৰ দিনা সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ জাহান্নামত প্ৰৱেশ কৰিব, তাত সি চিৰকাল অৱস্থান কৰিব।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• تحريم ما مات دون ذكاة، والدم المسفوح، ولحم الخنزير، وما ذُكِرَ عليه اسْمٌ غير اسم الله عند الذبح، وكل ميت خنقًا، أو ضربًا، أو بسقوط من علو، أو نطحًا، أو افتراسًا من وحش، ويُستثنى من ذلك ما أُدرِكَ حيًّا وذُكّيَ بذبح شرعي.
চৰীয়তি পদ্ধতি অবিহনে মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস, সেই জন্তু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আন কাৰোবাৰ নাম লোৱা হৈছে, শ্বাসৰূদ্ধ হৈ মৃত্যুবৰণ কৰা জন্তু, আঘাত প্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা জন্তু, ওখ স্থানৰ পৰা পৰি মৃত্যু হোৱা আৰু অন্য জন্তুৱে শিঙেৰে আঘাত কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, লগতে বাঘ- সিংহ- আৰু কুকুৰ-নেচীয়াই চিকাৰ কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, এই সকলোবোৰ হাৰাম। কিন্তু এইবোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত পোৱা জন্তু যিটোক চৰীয়তি পদ্ধতিত জবেহ কৰা হৈছে সেইটো হালাল।

• حِلُّ ما صاد كل مدرَّبٍ ذي ناب أو ذي مخلب.
প্ৰশিক্ষণ প্ৰাপ্ত যিকোনো জন্তুৱে কৰা চিকাৰ হালাল, যদি সেই জন্তু চোকা দাঁত বিশিষ্ট হওঁক অথবা নখ বিশিষ্ট হওঁক।

• إباحة ذبائح أهل الكتاب، وإباحة نكاح حرائرهم من العفيفات.
আহলে কিতাবসকলে জবেহ কৰা জন্তুৰ মাংস আৰু তেওঁলোকৰ স্বাধীন পৱিত্ৰ নাৰীক বিবাহ কৰা হালাল।

 
مەنالار تەرجىمىسى ئايەت: (5) سۈرە: مائىدە
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش