Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى سۈرە: ۋاقىئە   ئايەت:

আল-ৱাক্বিয়াহ

سۈرىنىڭ مەقسەتلىرىدىن:
بيان أحوال العباد يوم المعاد.
কিয়ামতৰ দিনা বান্দাসকলৰ অৱস্থাৰ বৰ্ণনা।

اِذَا وَقَعَتِ الْوَاقِعَةُ ۟ۙ
যেতিয়া নিশ্চিতভাৱে কিয়ামত অনুষ্ঠিত হ’ব।
ئەرەپچە تەپسىرلەر:
لَیْسَ لِوَقْعَتِهَا كَاذِبَةٌ ۟ۘ
তেতিয়া কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰিব। যদিও সি পৃথিৱীত ইয়াক অস্বীকাৰ কৰিছিল।
ئەرەپچە تەپسىرلەر:
خَافِضَةٌ رَّافِعَةٌ ۟ۙ
ই পাপিষ্ঠ কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাৰ মাধ্যমত সিহঁতক অধঃপতন কৰিব, আনহাতে মুত্ত্বাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাই তেওঁলোকক সমুন্নত কৰিব।
ئەرەپچە تەپسىرلەر:
اِذَا رُجَّتِ الْاَرْضُ رَجًّا ۟ۙ
যেতিয়া পৃথিৱী মহা প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব।
ئەرەپچە تەپسىرلەر:
وَّبُسَّتِ الْجِبَالُ بَسًّا ۟ۙ
আৰু পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব।
ئەرەپچە تەپسىرلەر:
فَكَانَتْ هَبَآءً مُّنْۢبَثًّا ۟ۙ
ফলত সেইবোৰ উৰি ফুৰা ধূলিকণাত পৰিণত হ’ব। যাৰ কোনো স্থিতিশীলতা নাই।
ئەرەپچە تەپسىرلەر:
وَّكُنْتُمْ اَزْوَاجًا ثَلٰثَةً ۟ؕ
আৰু সেইদিনা তোমালোকে তিনিটা শ্রেণীত বিভক্ত হ’বা।
ئەرەپچە تەپسىرلەر:
فَاَصْحٰبُ الْمَیْمَنَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ
সোঁহাতত আমলনামা গ্রহণকাৰীসকলৰ মৰ্যাদা কিমান যে উৎকৃষ্ট তথা সুউচ্চ!
ئەرەپچە تەپسىرلەر:
وَاَصْحٰبُ الْمَشْـَٔمَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَشْـَٔمَةِ ۟ؕ
পক্ষান্তৰে বাওঁহাতত আমলনামা গ্রহণকাৰীসকলৰ স্তৰ কিমান যে নিম্নমানৰ!
ئەرەپچە تەپسىرلەر:
وَالسّٰبِقُوْنَ السّٰبِقُوْنَ ۟ۙ
পৃথিৱীৰ জীৱনত ভাল কামত আগভাগ লোৱাসকলে পৰকালতো সৱাতোকৈ আগত জান্নাতত যাব।
ئەرەپچە تەپسىرلەر:
اُولٰٓىِٕكَ الْمُقَرَّبُوْنَ ۟ۚ
তেওঁলোকেই হৈছে আল্লাহৰ নৈকট্য প্ৰাপ্ত লোক।
ئەرەپچە تەپسىرلەر:
فِیْ جَنّٰتِ النَّعِیْمِ ۟
তেওঁলোকে নিয়ামতেৰে ভৰা জান্নাতত অৱস্থান কৰিব। তেওঁলোকে তাত নানা ধৰণৰ ভোগসামগ্রী উপভোগ কৰিব।
ئەرەپچە تەپسىرلەر:
ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ
এই উম্মতৰ এটা দল আৰু বহু সংখ্যক হ’ব পূৰ্বৱৰ্তী উম্মতৰ মাজৰ পৰা।
ئەرەپچە تەپسىرلەر:
وَقَلِیْلٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ
আৰু শেষ যুগৰ হ’ব কম সংখ্যক লোক, তেওঁলোক হ'ব অগ্রগামী তথা নৈকট্যপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
ئەرەپچە تەپسىرلەر:
عَلٰی سُرُرٍ مَّوْضُوْنَةٍ ۟ۙ
তেওঁলোকে থাকিব সোণেৰে খচিত আসনত।
ئەرەپچە تەپسىرلەر:
مُّتَّكِـِٕیْنَ عَلَیْهَا مُتَقٰبِلِیْنَ ۟
তেওঁলোকে সেইবোৰ আসনত মুখামুখিকৈ আউজি বহিব। কোনেও কাৰো ঘাৰ দেখা নাপাব।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• دوام تذكر نعم الله وآياته سبحانه موجب لتعظيم الله وحسن طاعته.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ নিদৰ্শনবোৰ সদায় স্মৰণ কৰিলে আল্লাহৰ মহানতাৰ অনুভৱ হয় তথা তেওঁৰ আনুগত্যত আগ্ৰহ জাগে।

• انقطاع تكذيب الكفار بمعاينة مشاهد القيامة.
কাফিৰসকলৰ অবিশ্বাসৰ এই ধাৰাবাহিকতা কিয়ামতৰ ভয়াৱহ দৃশ্যবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে বন্ধ হৈ পৰিব।

• تفاوت درجات أهل الجنة بتفاوت أعمالهم.
আমল অনুসাৰে জান্নাতীসকলৰ মৰ্যাদা ভিন ভিন হ’ব।

 
مەنالار تەرجىمىسى سۈرە: ۋاقىئە
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش