Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (146) سۈرە: ئەئراپ
سَاَصْرِفُ عَنْ اٰیٰتِیَ الَّذِیْنَ یَتَكَبَّرُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ ؕ— وَاِنْ یَّرَوْا كُلَّ اٰیَةٍ لَّا یُؤْمِنُوْا بِهَا ۚ— وَاِنْ یَّرَوْا سَبِیْلَ الرُّشْدِ لَا یَتَّخِذُوْهُ سَبِیْلًا ۚ— وَاِنْ یَّرَوْا سَبِیْلَ الْغَیِّ یَتَّخِذُوْهُ سَبِیْلًا ؕ— ذٰلِكَ بِاَنَّهُمْ كَذَّبُوْا بِاٰیٰتِنَا وَكَانُوْا عَنْهَا غٰفِلِیْنَ ۟
মানুহৰ মাজত থকা আৰু বিশ্বজগতৰ প্ৰান্তত থকা মোৰ নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু মোৰ পুথিৰ আয়াতসমূহ বুজিবলৈ মই সেই সকল লোকক বাধা প্ৰদান কৰিম, যিসকলে আল্লাহৰ বান্দাসকলৰ প্ৰতি আৰু সত্যৰ প্ৰতি বিনা কাৰণে অহংকাৰ কৰে। এনেকুৱা স্বভাৱৰ লোকে সকলো প্ৰকাৰ নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব। কাৰণ সিহঁতে সেইবোৰৰ প্ৰতি আপত্তি দৰ্শাব আৰু তাৰ পৰা মুখ ঘূৰাই লব। আৰু এই কাৰণেও যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিদ্বেষ পোষণ কৰে। যদিও সিহঁতে সত্যৰ পথ দেখা পায়, যিটো আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায়, তথাপিও সেইটোত পৰিচালিত নহ'ব। আৰু তাত পৰিচালিত হোৱাৰ আগ্ৰহও প্ৰকাশ নকৰিব। আনহাতে যদি কোনো ভ্ৰান্ত পথ দেখা পায়, যি পথে আল্লাহৰ অসন্তুষ্টিৰ পিনে লৈ যায়, তেনে পথত অবিলম্বে পৰিচালিত হ'ব। এই বিপদ সিহঁতৰ ওপৰত কেৱল এই কাৰণে আহিছে যে, সিহঁতে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, যিবোৰে ৰাছুলে লৈ অহা বাৰ্তাক সত্যায়ন কৰে। লগতে এই কাৰণেও যে, সিহঁতে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈয়ো অমনোযোগী আছিল।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• على العبد أن يكون من المُظْهِرين لإحسان الله وفضله عليه، فإن الشكر مقرون بالمزيد.
বান্দাই সদায় আল্লাহৰ উপকাৰ আৰু অনুগ্ৰহবোৰ প্ৰকাশ কৰা উচিত। কিয়নো কৃতজ্ঞতা প্ৰাচুৰ্যৰ লগত সম্পৃক্ত।

• على العبد الأخذ بالأحسن في الأقوال والأفعال.
বান্দাসকলে সদায় ভাল কাম আৰু ভাল কথা কোৱা উচিত।

• يجب تلقي الشريعة بحزم وجد وعزم على الطاعة وتنفيذ ما ورد فيها من الصلاح والإصلاح ومنع الفساد والإفساد.
বান্দাসকলে চৰীয়তৰ ক্ষেত্ৰত সম্পূৰ্ণ সতৰ্কতা আৰু তত্পৰতা দেখুৱা উচিত তথা সত্কৰ্ম আৰু সংস্কাৰৰ ক্ষেত্ৰত লগতে ফিতনা- ফাছাদ ৰোধ কৰিবলৈ দৃঢ়তাপূৰ্ণ প্ৰয়াস কৰা উচিত।

• على العبد إذا أخطأ أو قصَّر في حق ربه أن يعترف بعظيم الجُرْم الذي أقدم عليه، وأنه لا ملجأ من الله في إقالة عثرته إلا إليه.
যেতিয়া বান্দাৰ দ্বাৰা তেওঁৰ প্ৰতিপালকৰ কোনো আদেশ পালনত ভুল-ত্ৰুটি হয়, তেতিয়া সেই অপৰাধ স্বীকাৰ কৰা উচিত। লগতে এই বিশ্বাস পোষণ কৰা উচিত যে, তেওঁৰ এই ভুলক আল্লাহৰ বাহিৰে আন কোনেও ক্ষমা কৰিব নোৱাৰিব।

 
مەنالار تەرجىمىسى ئايەت: (146) سۈرە: ئەئراپ
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش