قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

external-link copy
103 : 3

وَاعْتَصِمُوْا بِحَبْلِ اللّٰهِ جَمِیْعًا وَّلَا تَفَرَّقُوْا ۪— وَاذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ اِذْ كُنْتُمْ اَعْدَآءً فَاَلَّفَ بَیْنَ قُلُوْبِكُمْ فَاَصْبَحْتُمْ بِنِعْمَتِهٖۤ اِخْوَانًا ۚ— وَكُنْتُمْ عَلٰی شَفَا حُفْرَةٍ مِّنَ النَّارِ فَاَنْقَذَكُمْ مِّنْهَا ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَهْتَدُوْنَ ۟

আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ’বা; লগতে তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেৱেঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিছে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গৈছা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা। info
التفاسير: