قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

external-link copy
157 : 4

وَّقَوْلِهِمْ اِنَّا قَتَلْنَا الْمَسِیْحَ عِیْسَی ابْنَ مَرْیَمَ رَسُوْلَ اللّٰهِ ۚ— وَمَا قَتَلُوْهُ وَمَا صَلَبُوْهُ وَلٰكِنْ شُبِّهَ لَهُمْ ؕ— وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِیْهِ لَفِیْ شَكٍّ مِّنْهُ ؕ— مَا لَهُمْ بِهٖ مِنْ عِلْمٍ اِلَّا اتِّبَاعَ الظَّنِّ ۚ— وَمَا قَتَلُوْهُ یَقِیْنًا ۟ۙ

লগতে সিহঁতৰ এই উক্তিৰ কাৰণে (অভিশপ্ত হৈছিল) যে, আমিয়েই আল্লাহৰ ৰাছুল মাৰয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিলোঁ। অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (বেলেগ এজন লোকক) তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত এই বিষয়ে সন্দেহত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল। info
التفاسير: