የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
109 : 10

وَاتَّبِعْ مَا یُوْحٰۤی اِلَیْكَ وَاصْبِرْ حَتّٰی یَحْكُمَ اللّٰهُ ۚ— وَهُوَ خَیْرُ الْحٰكِمِیْنَ ۟۠

হে ৰাছুল! আপুনি সেই অহীৰ অনুসৰণ কৰক, যিটো আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছে, আৰু সেই অনুসৰি কৰ্ম কৰক। তথা আপুনি আপোনাৰ সম্প্ৰদায়ৰ বিৰোধী লোকসকলৰ কষ্ট প্ৰদানত ধৈৰ্য ধাৰণ কৰক, লগতে যিটো বাৰ্তা আপোনাক পৌঁচাই দিয়াৰ দায়িত্ব দিয়া হৈছে সেই ক্ষেত্ৰতো ধৈৰ্য ধাৰণ কৰক। সিহঁতৰ বিষয়ে আল্লাহে ফয়চালা নকৰালৈকে আপুনি নিৰবিচ্ছিন্নভাৱে এনেকুৱা ব্যৱহাৰত অবিচল থাকক। অৱশেষত আল্লাহে আপোনাক পৃথিৱীত সিহঁতৰ ওপৰত বিজয় প্ৰদান কৰিব, আৰু কুফুৰী অৱস্থাত যদি সিহঁত মৃত্যুবৰণ কৰে তেন্তে আখিৰাতত সিহঁতক শাস্তি প্ৰদান কৰিব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إن الخير والشر والنفع والضر بيد الله دون ما سواه.
নিশ্চয় কল্যাণ, অকল্যাণ তথা উপকাৰ আৰু অপকাৰ এই সকলোবোৰৰ অধিকাৰ কেৱল আল্লাহৰ হাতত, এই ক্ষেত্ৰত আন কাৰো ক্ষমতা নাই। info

• وجوب اتباع الكتاب والسُّنَّة والصبر على الأذى وانتظار الفرج من الله.
কোৰআন হাদীছৰ অনুসৰণ কৰা, দুখ-কষ্টত ধৈৰ্য ধাৰণ কৰা তথা আল্লাহৰ ফালৰ পৰা প্ৰশস্ততা লাভৰ অপেক্ষা কৰা অনিবাৰ্য। info

• آيات القرآن محكمة لا يوجد فيها خلل ولا باطل، وقد فُصِّلت الأحكام فيها تفصيلًا تامَّا.
কোৰআনৰ আয়াতসমূহ সুদৃঢ়, ইয়াত কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাই। ইয়াত থকা বিধি-বিধানসমূহ বিশদভাৱে বিৰ্ণিত। info

• وجوب المسارعة إلى التوبة والندم على الذنوب لنيل المطلوب والنجاة من المرهوب.
ভয়াৱহ আৰু অপ্ৰিয় বস্তুৰ পৰা মুক্তি লাভৰ বাবে, লগতে উদ্দেশ্যত উপনীত হোৱাৰ বাবে পাপ কৰ্মত অনুতপ্ত হৈ তাওবা কৰিবলৈ খৰধৰ কৰা উচিত। info